আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (২৭ অক্টোবৰ, বুধবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (২৭ অক্টোবৰ, বুধবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনৰা বিত্তীয় দিশত উত্তৰণ হ'ব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে এক যৌথ ব্যৱসায় কৰিবলৈ অগ্ৰসৰ হ'ব পাৰে। আৰু এতিয়া ইয়াৰ পৰা লাভ অৰ্জন কৰাৰ সময়। কিন্তু আপুনি আপোনাৰ ঘনিষ্ঠজনৰ দুৰ্বল স্বাস্থ্যকলৈ কিছু চিন্তিত হ'ব। আপুনি আপোনাৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে অতি ব্যগ্ৰ হ'ব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি মানসিক শান্তিৰ লাভৰ বাবে পূৰ্বৰ তুলনাত কম কষ্ট কৰিব লাগিব। আপুনি প্ৰেমৰ ক্ষেত্ৰত এটা নতুন সম্পৰ্ক গঢ়িবলৈ অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ পাৰিবাৰিক জীৱনত কিছু পৰিৱৰ্তন অনুভৱ কৰিব। আপুনি নতুন আশা আৰু উৎসাহসেৰে দীঘলীয়া সময়ৰ বাবে কাম কৰিব। আপোনাৰ প্ৰতিষ্ঠা আৰু যশ-খ্যাতি বৃদ্ধি পাব।

মিথুন: (২২ মে'- ২১ জুন)

এক সুতীব্ৰ ৰোমান্স আৰু প্ৰত্যাশাৰ মিশ্ৰণে আপোনাৰ মন উত্সা-উদ্দীপনাৰে ভৰাই ৰাখিব। আপুনি আপোনাৰ সপোনৰ ব্যক্তিজনৰ সৈতে সম্পৰ্ক গঢ়িবলৈ অধিক আগ্ৰহী হৈ উঠিব আৰু তেওঁৰ সান্নিধ্য উপভোগ কৰিব। আপুনি সময়ৰ এটা ভাল অধ্যায়ৰ মাজত থাকিব। ঘৰুৱা খা-খৰচ, শ্বেয়াৰ, বণ্ড, মিউচুৱেল ফাণ্ড আদিত বিনিয়োগে সম্পূৰ্ণৰূপে আপোনাক ব্যস্ত ৰাখিব। আজিৰ দিনটো আপোনাৰ বাবে এটা সুন্দৰ দিন।

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপোনাৰ প্ৰায় সম্পূৰ্ণ হৈ উঠা এটা কামৰ প্ৰতি আগ্ৰহ-উদ্দীপনা থাকিব। কিন্তু কামৰ অগ্ৰগতি লেহেমীয়া হোৱাৰ বাবে আপুনি বিৰক্ত সম্পূৰ্ণৰূপে বিৰক্ত হ'ব। আপুনি কোনো চুক্তিত স্বাক্ষৰ কৰোঁতে বা অন্যান্য নথি-পত্ৰৰ কামত সাৱধান হ'ব। সময়ৰ এই অধ্যায় আপোনাৰ বাবে ভাল আৰু আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰাৰ চেষ্টা কৰি লাভান্বিত হওক। দৈনন্দিন কাম-কাজ সূচাৰুৰূপে সম্পন্ন হ'ব ।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আকস্মিকভাবে আপোনাৰ জীৱনলৈ প্ৰেম আহিব পাৰে, কিন্তু তাৰ বাবে আপুনি কিঞ্চিতহে প্ৰস্তুত থাকিব। কাৰণ আপুনি আন কামত ব্যস্ত থাকিব। এই আকস্মিক প্ৰেমে আপোনাৰ অন্তৰত সুখানুভূতিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ বন্ধুবৰ্গই আপোনাক আপোনাৰ সকলো লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। আপুনি আপোনাৰ সৈতে একে মানসিকতাৰ অনেক মানুহৰ সংস্পৰ্শলৈ আপুনি আহিব। আপুনি আপোনাৰ ব্যৱসায়িক সংগীক আস্থাত নল'ব । অন্যথা প্ৰতাৰিত হ'ব পাৰে।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আজি দূৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । এই ভ্ৰমণৰ সময়ত আপুনি কোনো নতুন মানুহক সহযোগী কৰিব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ উমৈহতীয়া ক্ষেত্ৰত বহু নতুন কথা আৱিষ্কাৰৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে ভাল । আপুনি আপোনাৰ দৈনন্দিন তালিকাৰ সকলো কাম সম্পূৰ্ণ কৰিব। আপোনাৰ স্বাস্থ্য অটুট থাকিব। আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ আপোনাৰ শত্ৰু আৰু বিৰোধী সক্ষম নহ'ব ।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক সুখী কৰি ৰাখিবলৈ অনেক যত্ন কৰিব; যাৰ বাবে আপুনি বৰ্তমানৰ সম্পৰ্কক লৈ সুখী হ'ব । নিজৰ মন-প্ৰাণ পুনৰ সজীৱ কৰি তুলিবলৈ আপোনালোক স্বামী-স্ত্ৰীয়ে ভ্ৰমণলৈ যাব পাৰে। আপুনি বন্ধ দিন উদযাপনৰ পৰিকল্পনা কৰিব৷ আপুনি আপোনাৰ পৰিয়ালৰ সৈতে কোনো স্থান চাবলৈও যাব পাৰে। আপোনাৰ ব্যৱসায় বৃদ্ধি পাব আৰু উন্নতি লাভ কৰিব। সেয়ে আপুনি মানুহক উপহাৰ দিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আপোনাৰ জীৱসংগীৰ সৈতে বৃদ্ধি পোৱা বান্ধোন উপভোগ কৰিব। আৰু আপুনি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিব যে এই সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয়তাসমূহ কি। ইয়াকে কৰোঁতে আপোনাৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাব । সামাজিক কাম-কাজে আপোনাক ব্যস্ত ৰাখিব। গ্লেমাৰ, সৌন্দৰ্য চৰ্চা, ফেশ্বন আদিৰ প্ৰতি আপোনাৰ অনুৰাগ বৃদ্ধি পাব আৰু ইয়ে আপোনাক সুখ দিব পাৰে। আপুনি নতুন বন্ধুত্বও গঢ়িব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আকাংক্ষিত কৰ্ম-পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ কৰা চেষ্টাই আপোনাক ব্যস্ত কৰি ৰাখিব। এইক্ষেত্ৰত আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সহায় কৰাৰ সম্ভাৱনা আছে। আপুনি বহু কাম-কাজৰ সৈতে জড়িত হ'ব । আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব। পৰীক্ষা বা সাক্ষাতকাৰত আপুনি সফলতা অৰ্জন কৰিব। আপুনি ভাগৰুৱা আৰু অৱসাদ অনুভৱ কৰিব পাৰে। কিন্তু সেয়া ক্ষণস্থায়ী হ'ব ।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

কেতবোৰ বিষয়ক লৈ আপুনি উদ্বিগ্ন হ'ব পাৰে আৰু এনে বিষয়বোৰ অতিক্ৰম কৰাৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই এটা উপায় দিব আৰু ইয়ে আপোনাক সন্তুষ্ট কৰিব। আপুনি কম দূৰত্বৰ ভ্ৰমণ কৰাৰ ইংগিত সূচিত হৈছে। আপুনি অতি লৰা-ঢপৰাকৈ আপোনাৰ ব্যৱসায়-বাণিজ্যৰ কাম কৰিব। আপুনি আপোনাৰ পৰিয়ালক সময় দিয়াৰ বাবে অতি কষ্ট কৰিব আৰু সফলতাও অৰ্জন কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ এটা উচ্চাকাংক্ষা প্ৰকল্পই আপোনাৰ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় দিব পাৰে। ইয়ে আপোনাৰ প্ৰেম অন্ত পেলোৱাৰ উপক্ৰম কৰিব। অৱশ্যে সৌভাগ্যবশতঃ আপুনি এই বিষয়ে অৱগত হ'ব আৰু বিপদ সংকেত বুজি পাব। আপুনি সম্পূৰ্ণ আনুগত্যৰে কাম কৰিব আৰু হাতত লোৱা কাম শেষ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হ'ব । আপুনি মানুহৰ আস্থা জয় কৰিবলৈ সক্ষম হ'ব । আপোনাৰ বয়োজ্যেষ্ঠ পিতৃ-মাতৃৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন হ'ব ।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি অথবা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ অযুক্তিকৰ আচৰণৰ বাবে আপোনালোকৰ সম্পৰ্কত সৰু-সুৰা সংকটৰ সৃষ্টি হ'ব পাৰে। আপুনি মাজবাটত অৱস্থান কৰিলে আপোনাৰ প্ৰেমৰ মসৃণ গতি নিশ্চিত হ'ব। আপুনি আপোনাৰ ঘৰৰ বাবে কিছু নতুন বস্তু ক্ৰয় কৰিব। আপুনি কোনো কাম আধৰুৱাকৈ পেলাই নথ'ব । আপোনাৰ শত্ৰুৱে অসহায় অনুভৱ কৰিব আৰু আপোনাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com