আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৫ জুলাই, ২০২১ )

মেষ, বৃষ, মিথুন আদি বিভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৫ জুলাই, ২০২১ )

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ হ'ব। আপুনি কাম কৰি সন্তুষ্টি অৰ্জন কৰিব। আপুনি মনোৰঞ্জন দিয়া কাম-কাজত ব্যস্ত থাকিব আৰু সুখী হব। আপুনি চাকৰিৰ ভাল সুযোগ পাব আৰু ই আপোনাৰ সামৰ্থ আৰু প্ৰত্যাশা অনুসৰি হব। আপোনাৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি ঘটিব। আপুনি অ-প্ৰত্যাশিত উত্সৰ পৰা ধন পাব। আপোনাৰ জীৱনসংগীৰ সৈতে সুন্দৰ বান্ধোন থাকিব। আপোনাৰ জ্যেষ্ঠসকলে আপোনাক আশীৰ্বাদ দিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপোনাৰ বাবে আজিৰ দিনটো ফলদায়ক হব। আপোনাৰ জীৱনসংগীৰ সান্নিধ্যত আপুনি উজ্জীৱিত অনুভৱ কৰিব আৰু তেওঁৰ লগত সুন্দৰ সময় অতিবাহিত কৰিব। বিত্তীয় দিশত আপোনাৰ কোনো চিন্তাৰ কাৰক নাথাকিব। আপুনি বিনিয়োগৰ পৰা উচ্চ লভ্যাংশ পাব। আপুনি জীৱনৰ নতুন অৰ্থ বিচাৰিব আৰু সেয়া পাবও। আৰু আপুনি দাতব্য কাম-কাজত জড়িত হব।

মিথুন : (২২ মে' – ২১ জুন)

আজি আপুনি কিবা নতুনৰ সন্ধান কৰিব আৰু সেয়া অৱশেষত পাবও। ইয়ে আপোনাৰ মনলৈ গভীৰ সন্তুষ্টি আৰু আনন্দ আনিব। ইয়ে আপোনাক ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। আৰু আপুনি আপোনাৰ কাম-কাজত উত্কৰ্ষ সাধন কৰিব। আপোনাৰ এই ইতিবাচক পৰিৱৰ্তনক সকলোৱে আদৰণী জনাব। আপোনাৰ প্ৰতি কোনোবাজন আকৰ্ষিত হব। এজন সুন্দৰ ব্যক্তি আপোনাৰ জীৱনলৈ আহিব। আপোনাৰ বিত্তীয় অৱস্থাও উন্নত হ'ব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন হব। এই সময়ছোৱাত আপুনি প্ৰেমত পৰিত্যক্ত হ'বলগা নহ'ব। আপুনি আপোনাৰ কাৰ্যালয়ত কাম কৰা কোনো এজন ব্যক্তিৰ লগত জড়িত হ'ব। সেই ব্যক্তিজন সুন্দৰ মনৰ মনোমোহা ব্যক্তিত্বৰ অধিকাৰী হ'ব। জীৱনৰ প্ৰতি আপোনাৰ সমগ্ৰ দৃষ্টিভংগী সলনি হ'ব। আপোনাৰ এটা আভ্যন্তৰীণ শক্তি থাকিব আৰু আপুনি কিছুমান ডাঙৰ কাম কৰিবলৈ সক্ষম হব। আোপনাৰ বিত্তীয় অৱস্থা ভাল।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

অধ্যয়নত আপোনাৰ সন্তানৰ প্ৰগতি সম্পৰ্কীয় ভাল খবৰ পাব। তেওঁলোক অধ্যয়নৰ ক্ষেত্ৰত উজ্জ্বলি উঠিব। ইয়ে আপোনালৈ অতিৰিক্ত আনন্দ কঢ়িয়াই আনিব। আপুনি আপোনাৰ কাৰ্যালয়ৰ কামো সম্পূৰ্ণ কৰিব। আৰু কোনো জটিল পৰিস্থিতিৰ সন্মুখীন হৈ হতাশ হ'ব লগা নহ'ব। আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা ভালে থাকিব। আপুনি কোনো ধৰ্মীয় স্থানো ভ্ৰমণ কৰিব পাৰে।

কন্যা: (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে সুখৰ দিন হ'ব। আপুনি আপোনাৰ কৰ্মস্থলীত ব্যস্ত থাকিব। কিন্তু তাৰ মাজতো আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সময় দিব পাৰিব। আপুনি দিনটোৰ দ্বিতীয় ভাগ সময় তেওঁৰ সান্নিধ্যত পাৰ কৰিব। আপুনি শান্তিপূৰ্ণভাবে সময় পাৰ কৰিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপোনাৰ বিত্তীয় অৱস্থা উন্নত হৈ গৈ থাকিব। আপুনি স্ফূৰ্তিবাজ হ'ব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আজি আপুনি চাকৰিৰ বাল অফাৰ পাব। আপুনি কোনো ঘনিষ্ঠজনৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা ভাল হ'ব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব। আপোনাৰ ঘৰত শান্তি আৰু বুজাবুজি থাকিব। আপোনাৰ সৈতে জীৱনসংগীৰ কোনো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ থাকিব। আপুনি ব্যগ্ৰতাৰে তেওঁৰ কথা শুনিব। নিজৰ পচ্ছন্দৰ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি কোনো বিত্তীয় জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু ধাৰ বা ঋণ লবলগা হ'ব পাৰে। কোনো ধাৰে দিয়া ব্যক্তিয়ে আপোনাক হাৰাশাস্তি কৰিব পাৰে। আৰু আপোনাৰ বিপদাপন্নতাৰ সুযোগ ল'ব পাৰে। তথাপি আপুনি তেওঁৰ ওচৰত হাৰ নামানিব আৰু সংগ্ৰাম অব্যাহত ৰাখিব। ভাল ভাগ্যৰ বলত আপুনি সমস্যাৰ পৰা মুক্তি পাব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আজিৰ দিনটো উপভোগ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ লগত কোনো ঠাই চাবলৈ যোৱাৰ পৰিকল্পনা কৰিব। আপুনি কৰ্মস্থলীৰ পৰা আনন্দিত হ'ব পৰা কোনো ভাল খবৰ পাব। আপুনি আপোনাৰ সকলো আইডিয়া কামত সম্পূৰ্ণৰূপে প্ৰয়োগ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ বান্ধোন সুন্দৰ হব। সন্তানৰ পৰা আপুনি কোনো আপত্তি নাপাব। আৰু তেওঁলোকে আপোনাৰ কথা শুনিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজি আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ ভাল পাব। আপোনাৰ কাৰ্যালয়ত এনে কেতবোৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, যিবোৰ সমাধানৰ বাবে আপোনাৰ জৰুৰী পদক্ষেপৰ প্ৰয়োজন হ'ব। আপোনাৰ সময়োচিত হস্তক্ষেপে তাত্ক্ষণিকভাবে সমস্যা সমাধান কৰিব। ইয়ে আপোনাৰ কৰ্মী আৰু সতীৰ্থৰ মনত আপোনাৰ প্ৰতি ভাল ধাৰণাৰ সৃষ্টি কৰিব। আপোনাৰ বিত্তীয় লাভালাভ তুলনাবিহীন হ'ব আৰু আপুনি আপোনাৰ জীৱনসংগীৰ লগত সুখ আৰু আনন্দৰে দিনটো অতিবাহিত কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে চাহিদা পূৰণৰ দিন হ'ব। মানুহৰ সৈতে আপোনাৰ সংঘাত হ'ব আৰু ইয়ে আপোনাৰ মানসিক দুঃশ্চিন্তা বৃদ্ধি কৰিব। আপুনি অস্থিৰ আৰু বিমোৰত পৰাৰ নিচিনা দেখাব। কৰ্মস্থলীত বিভিন্ন সমস্যাই আপোনাক অশান্তি দিব। পৰিয়ালত জ্যেষ্ঠজনৰ লগত আপোনাৰ কথা অমিল হ'ব। আপোনাৰ বিত্তীয় অৱস্থা প্ৰয়োজনতকৈ তলত হ'ব। আপোনাৰ সন্তানক লৈও আপোনাৰ চিন্তা থাকিব। তথাপিও আপুনি শীতল মনেৰে থাকিব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি পৰিয়ালৰ বান্ধোনত বান্ধ খাব। আপোনাৰ মৰমৰ জনৰ সান্নিদ্যত আপুনি ভাগ্যবান অনুভৱ কৰিব। আপুনি এনে জীৱনসংগী দিয়াৰ বাবে ভগবানক ধন্যবাদ দিব। আপোনাৰ সন্তানে আপোনাৰ কথা শুনিব আৰু আপোনাক সন্মান কৰিব। আপোনাৰ আয়ৰ এটা ভাল উত্স থাকিব আৰু সকলো বৈষয়িক সুবিধা উপভোগ কৰিব। আপোনাৰ ঘৰত প্ৰচুৰ সুখ-শান্তি বিৰাজ কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com