Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২১ - প্ৰজেক্ট টেকনিচিয়ানৰ পদখালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত প্ৰজেক্ট টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২১ - প্ৰজেক্ট টেকনিচিয়ানৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2021 12:42 PM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল ১৯৯৪চনত। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পদ খালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে কেমিকেল ইঞ্জিনিয়াৰিং বিভাগত "To perform different laboratory studies for chemical and CO2 EOR flooding schemes to maximize recovery from the reservoirs in OIL's operational area" নামৰ প্ৰকল্পৰ বাবে প্ৰজেক্ট টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

চিনিয়ৰ প্ৰজেক্ট টেকনিচিয়ান

খালী পদ

০১

বয়স

উল্লেখিত নাই

দৰমহা

১৫,০০০ - ১০০০ - ২৫,০০০ + ১৬% HRA + চিকিৎসীয় সুবিধা

অন্তিম তাৰিখ

২৮/১২/২০২১

অৱস্থান

গুৱাহাটী, অসম

প্ৰকল্পৰ নাম

To perform different laboratory studies for chemical and CO2 EOR flooding schemes to maximize recovery from the reservoirs in OIL's operational area

অৰ্হতা সমূহ :

B. Tech + ০৫ বছৰীয়া অভিজ্ঞতা বা অভিযান্ত্ৰিক বিভাগত ডিপ্লোমা + ০৫ বছৰীয়া অভিজ্ঞতা বা আই টি আই বা স্নাতক উত্তীৰ্ণ লগতে ০৭বছৰীয়া কম্পিউটাৰ অভিজ্ঞতা (কম্পিউটাৰ সম্বন্ধীয় পদৰ বাবে)

আৱেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা আৰু সকলো প্ৰয়োজনীয় নথিপত্ৰ অন্তিম তাৰিখৰ পূৰ্বে, মেইলৰ যোগে প্ৰেৰণ কৰিব লাগিব মুখ্য নিৰীক্ষক প্র. পংকজ তিৱাৰী, কেনিকেল বিভাগ লৈ প্ৰেৰণ কৰিব লাগিব।

ইমেইল : pankaj.tiwari@iitg.ac.in

বাছনি কৰা প্ৰাৰ্থী সকলক ইমেইল যোগে ২৯ ডিচেম্বৰ ২০২১ তাৰিখে, অনলাইন যোগে অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব।

বাছনি প্ৰক্ৰিয়া :

অহা ৩০ ডিচেম্বৰ ২০২১ তাৰিখে পুৱা ১০:৩০ বজাৰ পৰা গুগল মীটৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ যোগে বাছনি কৰা হ'ব।


আৰু পঢ়ক : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২২ - মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদখালী


Next Story
চাকৰি