Begin typing your search above and press return to search.

ৰুবিনা দিলাইকৰ প্ৰথম ছবি 'অৰ্ধ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ, পোষ্টাৰ শ্বেয়াৰ

ছবিখনত কুলভূষণ খাৰবান্দা, ৰাজপাল যাদৱ আৰু হিতেন তেজৱানীয়েও অভিনয় কৰিছে।

ৰুবিনা দিলাইকৰ প্ৰথম ছবি অৰ্ধৰ দৃশ্যগ্ৰহণ আৰম্ভ, পোষ্টাৰ শ্বেয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-09-02T11:48:30+05:30

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী ৰুবিনা দিলাইকে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। তেওঁৰ প্ৰথম চলচ্চিত্ৰ 'অৰ্ধ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে আৰু তেওঁ ছ'চিয়েল মিডিয়াত ছবিখনৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছে।

ৰুবিনাক এই পোষ্টাৰত চুলিত গজৰা লগাই বগা শাৰী পৰিধান কৰি আছে। পোষ্টাৰখনত মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া, হোটেল তাজমহল, মুম্বাই চেণ্ট্ৰেল ৰেল ষ্টেচন, সিদ্ধি বিনায়ক মন্দিৰ আৰু মেৰিন ড্ৰাইভও দেখুওৱা হৈছে। পোষ্টাৰখনে অনুমান কৰাইছে যে ছবিখন সম্পূৰ্ণৰূপে মুম্বাইৰ পৃষ্ঠভূমি আধাৰিত হ'ব।

গীতিকাৰ পলাশ মুচ্ছল ছবিখনৰ পৰিচালক। পৰিচালক হিচাপে এইখন তেওঁৰ প্ৰথম চলচ্চিত্ৰ আৰু তেওঁ ছবিখনৰ কাহিনীও লিখিছে। ৰুবিনা দিলাইকৰ উপৰি ছবিখনত কুলভূষণ খাৰবান্দা, ৰাজপাল যাদৱ আৰু হিতেন তেজৱানীয়েও অভিনয় কৰিছে।


আৰু পঢ়িব পাৰেঃ মাকক ঘৰ উপহাৰ দিয়াৰ সপোন পূৰণ কৰিলে টাইগাৰ শ্ৰফে

Next Story