Begin typing your search above and press return to search.

অগপৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ : অসম চুক্তি ৰূপায়ণত গুৰুত্ব

অগপৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ : অসম চুক্তি ৰূপায়ণত গুৰুত্ব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 April 2019 12:30 PM GMT

আজি অসম গন পৰিষদে প্ৰকাশ কৰিলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ ।গোলাঘাটত আজি ইস্তাহাৰ খন প্ৰকাশ কৰে । এই অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী অতুল বৰাৰ লগতে অগপৰ জেষ্ঠ নেতা।

ইস্তাহাৰ খনত গুৰুত্ব দিয়া হৈছে অসম চুক্তিৰ ওপৰত । অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসম ভূমিত খিলঞ্জীয়া জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে অগপ সদায় দায়বদ্ধ বুলি প্ৰকাশ কৰে।

নাগৰিকত্ব সংশোধনি বিধেয়কৰ ক্ষেত্ৰত অসম গন পৰিষদ পুৰ্বৰ স্থিতিত অটল থাকিব বুলি প্ৰকাশ কৰে । লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰনৰ মৰ্য্যদা প্ৰদানত শীঘ্ৰেতে ব্যবস্থা গ্ৰহণ কৰা হব ।

লগতে সীমান্তত বসবাস কৰা লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে বিজুলী যোগান, বাট পথ নিৰ্মাণ, উন্নত চিকিৎসা কেন্দ্ৰ নিৰ্মাণত গুৰুত্ব দিয়া হব বুলি প্ৰকাশ ।

অসমৰ যুৱক যুৱতী বাবে কৰ্ম সংস্থাপন, আত্মনিৰ্ভৰশীল আৰু নিয়োগৰ স্থল সৃষ্টিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। লগতে খাদ্য সামগ্ৰী আৰু নিত্য ব্যবহাৰ্য্য বস্তুৰ উৎপাদন , বিতৰণ আৰু বিক্ৰী ব্যবস্থাত স্থানীয় নিবনুৱাক নিয়োগ কৰাৰ ওপৰত গুৰুত্ব দিয়ে নিৰ্বাচনী ইস্তাহাৰ খনত ।

লগতে ৰেলসেৱা উন্নয়ন কৰি ৰেলপথ সমূহ " ডবল ট্ৰেক " ব্ৰডগজলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে। লগতে বানপানী আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ হেচা প্ৰয়োগ কৰিব বুলি প্ৰকাশ কৰে ।

শিক্ষাৰ সুদূৰ প্ৰসাৰী হোৱাকৈ ব্যবস্থা গ্ৰহণ কৰা লগতে মহিলা সবলীকৰন ,স্ব নিৰ্ভৰশীলতা, স্ব নিয়োগৰ লগতে মহিলা নিৰাপত্তা ওপৰত গুৰুত্ব প্ৰদান কৰা ।

স্বায়ত্ত শাসিত পৰিষদ সমুহক অধিক ক্ষমতা প্ৰদানৰে উন্নয়নৰ ক্ষেত্ৰত ত্বৰান্বিত কৰাৰ কথা প্ৰকাশ কৰিছে ইস্তাহাৰ খন।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি