ডিব্ৰুগড় জিলাৰ বাট-পথ বিশেষকৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অংশ সম্পূৰ্ণ ৰূপে বিশৃংখল হৈ পৰিছে।
কিছুদিন পূৰ্ৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ ভাৰত(এনএইচএআই)ক ৰাষ্ট্ৰীয় ঘাইপথ সমূহক মেৰামতি কৰাৰ আদেশ দিয়াৰ পিছতো এই সমস্যাৰ কোনো ধৰনৰ সমাধান হোৱা নাই ।সমস্যা সমাধান হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথ সমূহত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে।উল্লেখনীয় ভাৱে নালিয়াপুল,লালুকা গাঁও আৰু কুমাৰপট্টী নাম ক'ব পাৰি।
নিৰ্দিষ্ট ভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ পাঞ্চালী এলেকাৰ অৱস্থা অতি শোচনীয় বুলি কব পাৰি।সোঁফালে সন্মুখত থকা দীঘলী বজাৰৰ প্ৰাথমিক বিদ্যালয়ৰ দিশে একাধিক গাঁত আৰু বহল ভাৱে ডাঙৰ গাঁতৰ সৃষ্টি হৈছে।এই কাৰন সমূহৰ বাবেই স্থানীয় লোক সকলৰ যাতায়ত কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হ'বলগা হৈছে।