Begin typing your search above and press return to search.

অত্যাধিক পৰিমাণৰ কফী সেৱনে বিপদ মাতি আনিব পাৰে আপোনাৰ স্বাস্থ্যলৈ

অত্যাধিক পৰিমাণৰ কফী সেৱনে বিপদ মাতি আনিব পাৰে আপোনাৰ স্বাস্থ্যলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 1:03 PM GMT

আপুনি এদিনত কিমানবাৰ কফী সেৱন কৰে ? যদি আপুনি এদিনত ছয় কাপতকৈ অধিক কাপ কফী সেৱন কৰে,তেন্তে আপোনাৰ শৰীৰৰ কাৰণে হ’ব পাৰে অত্যন্ত অপকাৰী ৷হ’ব পাৰে আপোনাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক ৷ দক্ষিন অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ গৱেষণাত প্ৰকাশ পাইছে যে এদিনত যদি ৬ কাপতকৈ অধিক কফি সেৱন কৰা হয় তেন্তে হৃদ ৰোগ হ’ব পৰা সম্ভাৱনা বৃদ্ধি হ’ব পাৰে ৷

ইফালে এক দীঘলীয়া সময়ধৰি কফী আৰু হৃদৰোগৰ সম্বন্ধে গৱেষণা কৰে ৷লগতে শৰীৰত কেফীনৰ মাত্ৰাৰ পৰিমাণ কিমান হ’ব লাগে সেই কথাও প্ৰকাশ কৰে গৱেষনাকাৰী সকলে। তেওঁলোকে লণ্ডনত প্ৰায় ৩৭-৩৭ বয়সীয়া ৩৪৭০৭৭ জন লোকৰ ওপৰত গৱেষনা কৰে ৷ গৱেষণাকাৰীসকলৰ প্ৰাপ্ত তথ্য অনুসৰি অতি মাত্ৰা কফী সেৱন কৰাৰ কাৰণে ব্লাড পেছাৰ আৰু হৃদৰোগৰ আশংকাই দেখা দিয়ে ।বিশ্ব স্বাস্থ্য সংগঠনৰ মন্তব্য যে হৃদৰোগৰ কাৰণে ওজন বৃদ্ধি পায়।

লগতে এই ওজনক সীমিত কৰিবও পাৰি ৷ অন্যহাতে এগৰাকী গৱেষনাকাৰীৰ অনুসৰি, বিশ্বৰ অধিকাংশ লোকেই পুৱাৰ সময়তেই হওঁক বা নিজৰ গতানুগতিক কৰ্মৰ মাজতেই হওঁক অৱসাদ আঁতৰ কৰিবৰ কাৰণে কফী সেৱন কৰে । কিন্তু আমাৰ মনত প্ৰশ্নৰ উদয় হয় যে আমি কফী দিনটোত কিমানবাৰ সেৱন কৰিব লাগে ৷ইয়াৰ উত্তৰ কিন্তু লাভ নকৰে ৷আনহাতে কিছু সংখ্যক লোকে অত্যাধিক কফী সেৱন কৰাৰ কাৰণে কাম কৰিবলৈ অধিক শক্তি পায় । কিন্তু বাস্তৱত আমি কফী সেৱন কৰোঁতে এক নিয়মিত ৰূপত হে সেৱন কৰিব লাগে ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story
চাকৰি