Begin typing your search above and press return to search.

অন্য ৰাজ্যসমূহৰ বাবে অসমৰ এনআৰচি আদৰ্শ : প্ৰফুল্ল কুমাৰ মহন্ত

অন্য ৰাজ্যসমূহৰ বাবে অসমৰ এনআৰচি আদৰ্শ : প্ৰফুল্ল কুমাৰ মহন্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:06 AM GMT

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এনআৰচি সম্পৰ্কত কৈছে যে অসমৰ খিলঞ্জীয়া লোকসকলৰ পৰিচয় পত্ৰ অসমৰ এনআৰচি ভাৰতৰ বাকী ৰাজ্যসমূহৰ বাবে আদৰ্শ।মহন্তই লগতে কয় ৩০ জুলাইৰ দিনটো অসমৰ বাবে ঐতিহাসিক দিন,১৯৮০ চনতে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰলৈ এনআৰচি উত্তৰনৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল ১৯৫১ ক ভিত্তি বৰ্ষ হিচাপে লবলৈ,১৯৮৬ চনত অসম গণ পৰিষদ শাসনলৈ আহোতে আমিও এনআৰচি বাবে চেষ্ঠা কৰিছিলো কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনোধৰনৰ সমৰ্থন লাভ কৰা নাছিলো।এনআৰচিৰ জড়িয়তে যদি চৰকাৰে বাংলাদেশী মুক্ত অসম গঢ়িব পাৰে তেতিয়া অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫ জন শ্বহীদে ন্যায় লাভ কৰিব।প্ৰাক্তন মুখ্যমন্ত্ৰীজনে এনআৰচিৰ প্ৰকাশৰ ক্ষেত্ৰত সহায় কৰা বাবে সদৌ অসম ছাত্ৰ সন্থা,ৰাজ্য চৰকাৰ,কেন্দ্ৰীয় চৰকাৰ আৰু অসম পাব্লিক ৱৰ্কক ধন্যবাদ জ্ঞাপন কৰে।

Next Story