Begin typing your search above and press return to search.

অবৈধ সুৰাৰ ক্ষেত্ৰত আবকাৰী বিভাগৰ শেনচকু

অবৈধ সুৰাৰ ক্ষেত্ৰত আবকাৰী বিভাগৰ শেনচকু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2019 7:15 AM GMT

উজনি অসমত বিষাক্ত চুলাই সেৱন কৰি ১৫০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হোৱাৰ পিছত ৰাজ্যৰ আবকাৰী বিভাগে অবৈধ চুলাইৰ উৎপাদনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ এক বিশেষ পদক্ষেপ হাতত লৈছে ৷আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য প্ৰথমতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এক পত্ৰৰ জৰিয়তে লালীগুৰৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈও আহ্বান কৰে ৷কাৰণ লালীগুৰে চুলাই তৈয়াৰ কৰাত মুখ্য ভূমিকা লয়। লালীগুৰ প্ৰধানকৈ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত পোৱা যায় ৷ লালীগুৰৰ প্ৰয়োগ নকলী সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷ আৰু এনেধৰণে তৈয়াৰ কৰা সুৰা স্বাৰ্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকাৰক ৷

অবৈধ সুৰাৰ বিৰুদ্ধে সজাগতা অভিযানক অধিক শক্তিশালী কৰিবৰ কাৰণে ৩৩ লাখ টকাৰ পৰা ৫ কোটি টকালৈ বৃদ্ধি কৰে ৷লগতে আবকাৰী বিভাগে জনসাধাৰণক আৰক্ষী আৰু বিভাগক চুলাই বিক্ৰী,ক্ৰয়,তৈয়াৰ কৰাৰ সন্দৰ্ভত অৱগত কৰিবৰ কাৰণে হেল্পলাইন নম্বৰ ৯৪৩৫০৫২৩৮১ ৰ ব্যৱস্থা কৰিছে ৷ অন্যহাতে বিভাগে অনতি পলমে অবৈধ সুৰা বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিছে ৷দিছপুৰে দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাৎকাৰত কয় যে,অবৈধ অথবা বিষাক্ত সুৰা সেৱন কৰাৰ পিছত স্বাস্থ্য কেনেধৰণে ক্ষতি হয় সেই সন্দৰ্ভে সজাগ কৰাৰ লগতে চাহ বাগান সমূহ তথা কাষৰীয়া অঞ্চলসমূহত বসবাস কৰা লোকসকলক শিক্ষিত কৰাৰ বিশেষ ব্যৱস্থা ল’ব ৷

সুৰা সেৱন কাৰীয়ে সুৰা ত্যাগ কৰাৰ পিছত কেনেধৰণে দ্বিতীয় বাৰৰ কাৰণে জীৱন আগৱঢ়াই নিয়াত সহায় কৰা কেন্দ্ৰই সংখ্যা দুটাৰ পৰা আঠটালৈ বৃদ্ধি কৰে ৷ অবৈধ সুৰাৰ উৎপাদন,বিক্ৰী আৰু ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ ৰাজ্যৰ বিভিন্ন স্তৰত প্ৰশাসন,আবকাৰী বিভাগ আৰু গাঁও পঞ্চায়তৰ সভাপতিৰ মাজত নিয়মিত ৰূপত বৈঠক হ’ব ৷আৰু যিজন বিষয়াই এই ক্ষেত্ৰত বিফল হ’ব তেওঁ আইনৰ সন্মুখীন হ’ব লাগিব ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি