Begin typing your search above and press return to search.

মধ্যস্থতাকাৰীয়ে সমাধান কৰিব অযোধ্যা বিবাদ:উচ্চতম ন্যায়ালয়ৰ

মধ্যস্থতাকাৰীয়ে সমাধান কৰিব অযোধ্যা বিবাদ:উচ্চতম ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 March 2019 8:17 AM GMT

আজি অযোধ্যা বিবাদৰ গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰূত্বপূৰ্ণ ৰায় । মধ্যস্থতাকাৰীয়ে সমাধানৰ কৰিব অযোধ্যা বিবাদৰ গোচৰ । ৩ জনীয়া বিচাৰ কমিটিয়ে এক সপ্তাহৰ ভিতৰত অযোধ্যা বিবাদ গোচৰৰ সন্দৰ্ভত কাম আৰম্ভ কৰিব আৰু ৮ সপ্তাহত সম্পূৰ্ণ কৰিব লাগিব মধ্যস্থতা প্ৰক্ৰিয়া ।

উচ্চতম ন্যায়ালয়ে গঠন কৰিলে তিনিজনীয়া মধ্যস্থতাকাৰী কমিটী। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইব্ৰাহিম খালিফুল্লাহৰ অধ্যক্ষতাত গঠিত কমিটীত আছে শ্ৰীশ্ৰী ৰবিশংকৰ আৰু শ্ৰীৰাম পাঞ্চু।

আজি এক শুনানিযোগে উচ্চতম ন্যায়ালয়ে কয় যে অযোধ্যা বিবাদৰ সমাধান মধ্যস্থতাকাৰীৰ জৰিয়তে কৰা হ’ব। এসপ্তাহৰ ভিতৰত কাম আৰম্ভ কৰিব মধ্যস্থতাকাৰীয়ে। ।

সম্পূৰ্ণ গোপনীয় হ’ব মধ্যস্থতা প্ৰক্ৰিয়া। মুখ্য ন্যায়াদীশ ৰঞ্জন গগৈ নেতৃত্বাধীন ৫জনীয়া সংবিধানপীঠৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ সহ ন্যায়াধীশ এচ এ ববদে, ডি ৱাই চান্দ্ৰাচুদ , অশোক ভূষন আৰু এচ এ নাজিৰ ৫ জনীয়া বিচাৰপীঠে ৩ জনীয়া মধ্যস্থতাকাৰীক ৪ সপ্তাহৰ ভিতৰত তথ্য দিবলৈ কৈছে । উত্তৰ প্ৰদেশৰ ফাইযাবাদত মধ্যস্থতাকাৰী কমিটিৰ কাৰ্য্য অনুস্থিত হব বুলি প্ৰকাশ কৰে ।

৭০ বছৰ ধৰি ৰাম জনমভূমি আৰু বাবৰি মছজিদৰ বিবাদ চলি আহিছে । অযোধ্যা বিবাদৰ গোচৰটো জনসাধাৰণৰ বিশ্বাস,আবেগ ,অনুভূতিৰ লগত জৰিত হৈ আছে । অযোধ্যা বিবাদৰ সন্দৰ্ভত ১৯৯০ চনতে বিশ্ব হিন্দু পৰিষদ আৰু বাবৰি মছজিদ কমিটিৰ মাজত আলোচনা হৈছিল যদিও কোনো সমাধান ওলোৱা নাছিল ।২০০৩ চনত কাঞ্চি শংকাৰাচাৰ্য্যয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছিল । ২০১৭ চনত সেই সময়ৰ মুখ্য ন্যায়াধীশ জে এচ খেহাৰে অযোধ্যা বিবাদৰ গোচৰৰ সন্দৰ্ভত মধ্যস্থতাকাৰীয়ে সমাধানৰ চেষ্টা কৰিছিল যদিও বিবাদৰ গোচৰ সমাধান নহল। আজি পৰ্যন্ত অযোধ্যা বিবাদ সমাধান হোৱা নাই।

Next Story
চাকৰি