Begin typing your search above and press return to search.

অশোক গেহলটৰ শপত গ্ৰহণত উপস্থিত থাকিব নোৱাৰিলে মমতা বেনাৰ্জী

অশোক গেহলটৰ শপত গ্ৰহণত উপস্থিত থাকিব নোৱাৰিলে মমতা বেনাৰ্জী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2018 12:27 PM GMT

বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত ৰাজস্থানত বসুন্ধৰা ৰাজেৰ বিজেপি চৰকাৰৰ পতন ঘটাই ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বৰ্ষীয়ান কংগ্ৰেছ নেতা অশোক গেহলটে। অশোক গেহলটে আজি তৃতীয় বাৰৰ বাবে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। ইয়াৰ আগেয়ে অশোক গেহলটে ১৯৯৮ চনৰ পৰা ২০০৩ চনলৈ প্ৰথমবাৰৰ বাবে আৰু ২০০৮ চনৰ পৰা ২০১৩ চনলৈ দ্বিতীয় বাৰৰ বাবে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। অশোক গেহলতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে ৰাজস্থানৰ কংগ্ৰেছৰ যুৱ নেতা যাৰ কষ্ট আৰু শ্ৰমৰ বলত কংগ্ৰেছে ৰাজস্থানত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শচীন পাইলটে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বহুতৰ শচীন পাইলট ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথম পচন্দৰ মুখ আছিল যদিও কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে অভিজ্ঞতাৰ ভিত্তিত অশোক গেহলটকে প্ৰাধান্য দিয়ে।

ৰাজস্থানৰ জয়পুৰ স্থিত ঐতিহাসিক এলবাৰ্ট হ'লত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত দুয়োজনকে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ৰাজ্যখনৰ ৰাজ্যপাল কল্যাণ সিঙে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী। উল্লেখ্য যে ৰাজস্থানৰ বিৰোধী দলৰ বহু প্ৰতিনিধিও শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে, লোক সভা নিৰ্বাচনৰ পূৰ্বে এইয়া নিশ্চিত ভাবে একতাৰ নিদৰ্শন। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকে অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামী, জেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে আদি নেতা সকল। অন্যহাতে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী, উত্তৰ প্ৰদেশৰ বহুজন সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদব। ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰা অশোক গেহলট পাচ বাৰৰ বাবে জোধপুৰ সমষ্টিৰ পৰা লোক সভালৈ নিৰ্বাচিত হৈছে, আনহাতে শচীন পাইলট দৌচা আৰু আজমীৰৰ পৰা ২০০৪ আৰু ২০০৯ চনত লোক সভালৈ নিৰ্বাচিত হৈছে। শচীন পাইলটে প্ৰথমবাৰৰ বাবে বিধান সভাত প্ৰতিদ্বন্দিতা আগবঢ়াই বিজয়ী হৈছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি