অসমত আজি বিশ্ব প্ৰতিবন্ধী দিৱস নহয় কলা দিন উদযাপন কৰা হব

অসম চৰকাৰৰ দীৰ্ঘদিনীয়া বঞ্চনা আৰু শোষনৰ প্ৰতিবাদত অসম প্ৰতিবন্ধী সুৰক্ষা সংস্থাই সোমবাৰে আন্তৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসৰ দিনটো ৰাজ্যত ক'লা দিন হিচাপে পালন কৰিব। অসমৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাই কৰি অহা দাবী বোৰ পুৰণৰ প্ৰতি অসম চৰকাৰে কোনোধৰণৰ আগ্ৰহ প্ৰকাশ নকৰাৰ অভিযোগ তোলে সংস্থাই।
প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকৰে ৰবি বাৰে সাংবাদমেল সম্বোধন কৰি অক্টোৱৰৰ ৫ তাৰিখে দিছপুৰ লাষ্ট গেটত সংস্থাই কৰা বিক্ষোভ কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকৰী প্ৰতিবন্ধী সকলৰ ওপৰত অত্যাচাৰ কৰা আৰক্ষী কৰ্মী সকলৰ বিপক্ষে চৰকাৰে কোনো ধৰণৰ কাৰ্য্যপন্থা গ্ৰহণ নকৰা কাৰ্য্যত ক্ষুদ্ধ হৈ আন্তৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসৰ সকলো কাৰ্যসূচী সংস্থাই বৰ্জনৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে। সংগঠনটোৱে চৰকাৰক ডিচেম্বৰৰ ১ তাৰিখ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ অন্তিম দিন হিচাপে বান্ধি দিছিল। সোমবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই দিঘলীপুখুৰীৰ পাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।মালাকৰে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে চৰকাৰখনে প্ৰতিবাদকাৰী সকলৰ বিৰুদ্ধে দমনমূলক নীতি লোৱা আৰক্ষী কৰ্মী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা দূৰৰ কথা প্ৰতিবন্ধী সকলৰ সামান্যতম প্ৰয়োজনখিনিও পূৰণ কৰাত ব্যৰ্থ হৈছে। প্ৰতিবন্ধী সকলৰ যি নামমাত্ৰ অনুদান সেই অনুদানো এপ্ৰিল মাহৰ পৰা বন্ধ হৈ আছে বুলি মালাকৰে উল্লেখ কৰি প্ৰতিবন্ধী সকলে কেনেদৰে অনুদান অবিহনে জীয়াই থাকিব বুলি চৰকাৰক প্ৰশ্ন কৰে।
সংস্থাটোৱে বিভিন্ন বিভাগত প্ৰতিবন্ধী সকলৰ বাবে খালী হৈ থকা ৪৪১৯ টা পদত শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰা বাবে চৰকাৰক দাবী জনাই।পূৰ্বতে অসম চৰকাৰে প্ৰতিবন্ধী সকলক পৰ্য্যায়ক্ৰমে নিযুক্তি দিয়াৰ কাৰণে এক পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ঘোষণা কৰিছিল কিন্তু কাৰ্য্যক্ষেত্ৰত এই ঘোষণাৰ কাৰ্য্যকৰী কৰাৰ বাবে চৰকাৰে কোনো ধৰণৰ উদ্যোগ লোৱা দেখা নগল বুলি সাধাৰণ সম্পাদক গৰাকীয়ে ক্ষোভ ব্যক্ত কৰে।
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি