অসমৰ বানপানীয়ে ৰাজ্যখনৰ ৮ খন জিলাত অতি ভয়ানক ৰূপ ধাৰন কৰিছে।জিলাকেইখনৰ ১৮ টা মহকুমাৰ ২২৪ খন গাওঁৰ প্ৰায় ১,০৫,৭৮২ জন মানুহ এই ভয়ানক বেয়াকৈ আক্ৰান্ত হৈছে।বহ্মপুত্ৰ,দিখৌ,ধনশিৰি,জিয়া ভৰালী আৰু বেকী নদীৰ সংহাৰী ৰূপ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে।ৰাজ্য খনত নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে নদী সমূহৰ জলপৃষ্ঠ।পানীত বুৰ গৈছে বহু পৰিয়ালৰ ঘৰ দুৱাৰ আৰু কৃষি ভূমি লগতে বহুসংখ্যক পশুধনৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।ধেমাজি,ওদালগুৰি আৰু গোলঘাটৰ তিনিজন লোকৰ মৃত্যু হৈছে,এইবছৰ বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পালে।সৰ্বাধিক লক্ষিমপুৰ জিলাৰ ৪ টা মহকুমাৰ ২৪ খন গাওঁ ক্ষতিগষ্ঠ হৈছে।গোলাঘাট জিলাৰ ২০,৮৬৯ জন লোকৰ লগতে শিৱসাগৰৰ ৬৬৪ জন লোকে বৰ্নাত্য শিবিৰত আশ্বয় লৈছে।
Begin typing your search above and press return to search.