Begin typing your search above and press return to search.

অসমত ১০২৬ টা নতুন পেট্ৰল পাম্প মুকলি কৰিব আই অ' চি এল, বি পি চি এল আৰু বি চি পি এল য়ে

অসমত ১০২৬ টা নতুন পেট্ৰল পাম্প মুকলি কৰিব আই অ চি এল, বি পি চি এল আৰু বি চি পি এল য়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2018 12:39 PM GMT

এতিয়া আৰু আপোনাৰ বাহন খনত পেট্ৰল অথবা ডিজেল ভৰাবলৈ বিশ-ত্ৰিশ কিলোমিটাৰ দূৰত্ব যাত্ৰা কৰিব নালাগে। অতি শীঘ্ৰে ৰাজ্যত নিৰ্মাণ হব

এহেজাৰতকৈয়ো অধিক পেট্ৰল পাম্প। সাৰ্বজনীন তৈল বিপণন সংস্থা আই অ' চি এল, বি পি চি এল আৰু বি চি পি এল য়ে ৰাজ্যত বৰ্ধিত তেলৰ চাহিদাৰ প্ৰতি লক্ষ্য কৰি নতুনকৈ নিৰ্মাণ কৰিব ১০২৬ টা পেট্ৰল পাম্প। দেশত পেট্ৰল পাম্প প্ৰসাৰ আচনিৰ অধীনত এই পাম্প সমূহ ৰাজ্যত নিৰ্মান কৰা হব। অসমত বৰ্তমান ৮৯৯ টা পেট্ৰল পাম্প আছে। আজৰাত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি ইণ্ডিয়ান অইলৰ অসম শাখাৰ সম্পাদক প্ৰধান উত্তিয়া ভটাচাৰ্য্যই সাংবাদিকক শীঘ্ৰেই নতুন পেট্ৰল পাম্প সমূহ নিৰ্মানৰ ঠিকা দিয়া পক্ৰিয়া আৰম্ভ হব বুলি কয় আৰু এই প্ৰক্ৰিয়া সম্পুৰ্ণ স্বচ্চ হব বুলি দোহাৰি আগ্ৰহী সকলো দলেই অনলাইন যোগে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে। ভটাচাৰ্যই এই ক্ষেত্ৰত নতুন উদ্দ্যমিক সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাই আৰু SC,ST,OBC ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছে বুলি কয়। আগ্ৰহী সকলে সম্পু্ৰ্ণ বিজ্ঞাপনৰ বাবে কোম্পানীৰ www.petrolpmpdealerchayan.in ৱেবচাইডত লগ ইন কৰিব পাৰিব।

দেশত বৰ্ধিত পেট্ৰলৰ চাহিদা, নতুন নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, কৃষি ক্ষেত্ৰত তৈলজাত ইন্ধনৰ ব্যাৱহাৰ বৃদ্ধি ৰ ফলতে দেশৰ পেট্ৰল পাম্প প্ৰসাৰ আচনি গ্ৰহণ কৰা হৈছে। মূলত কৃষিপ্ৰধান অঞ্চল আৰু গ্ৰাম্য অঞ্চলত সঠিক মূল্যত তেল প্ৰদান কৰাটো এই আচনিৰ আন এক প্ৰধান উদ্দেশ্য বুলি প্ৰধান সম্পাদক জনে জানিবলৈ দিয়ে।ভটাচাৰ্য্যই বিজ্ঞাপন প্ৰকাশ হোৱা অঞ্চলত উপযুক্ত ভূমি উপলব্ধ হোৱাতো মুখ্য প্ৰত্যাহবান হব বুলি উল্লেখ কৰি প্ৰথম অবস্থাত ভূমিহীনেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰি পিছৰ পৰ্যায়ত তেওঁলোকে ভূমি আগবঢ়াব লাগিৰ বুলি জানিব দিয়ে।উত্তৰ পূৱ বি চি পি এলৰ ৰাজ্যিক প্ৰধান পিয়ুষ গুপ্তায়ো সংবাদ মেলখনত অংশগ্ৰহণ কৰে। এই ঘোষণাই ৰাজ্যত ১০২৬ টা নতুন পেট্ৰল পাম্প নিৰ্মাণৰ বাট মুকলি কৰিলে যাৰ ফলত ঘৰৰ ওচৰতে উপলব্ধ হব পেট্ৰল আৰু ডিজেল।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story