Begin typing your search above and press return to search.

অসমত ৪৪,০০০ বিদেশী নিৰুদ্দেশ, ৪ বিদেশীক বিতাৰণ

অসমত ৪৪,০০০ বিদেশী নিৰুদ্দেশ, ৪ বিদেশীক বিতাৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 April 2019 9:11 AM GMT

অসমত ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে ৪৪,০০০ অবৈধ বিদেশী চিনাক্ত কৰা হৈছে । এই তিনি বছৰত ৪৪,০০০ অবৈধ বিদেশী নিৰুদ্দেশ হৈ আছে। মাত্ৰ ৪ জনক বিতাৰণ কৰিছে। অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ অসম চৰকাৰ বিফল হৈছে । মংগলবাৰে এই কথা উচ্চতম ন্যায়ালয়ক জনাই ৰাজ্যিক মুখ্য সচিব আলোক কুমাৰে ।

অসমৰ অবৈধ বিদেশীৰ চিনাক্ত আৰু বিতাৰণৰ সন্দৰ্ভত সোধপোছৰ বাবে মুখ্য সচিবক এপেক্স কোৰ্টে তলব কৰিছিল । মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ তিনি জনীয়া বিচাৰিপীঠে মুখ্য সচিবক প্ৰশ্ন কৰে যে কিয় ৪৪ হাজাৰক বিদেশী হিচাপে ঘোষণা কৰাৰ পাছত চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই । কিয় ৪ জনহে বিতাৰণ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰশ্ন কৰে।

শুনানিত মুখ্য সচিবে প্ৰকাশ কৰে যে আইন প্ৰয়োগকাৰী সংস্থাক তথ্য জমা দিয়া হৈছিল । আইন প্ৰয়োগকাৰী সংস্থাৰ অমনযোগিতাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে বুলি প্ৰকাশ কৰে ।

অসমৰ আইন প্ৰয়োগকাৰী সংস্থাৰ মুখ্য সচিব আলোক কুমাৰ বুলি প্ৰকাশ কৰে । লগতে প্ৰকাশ কৰে যে আইন প্ৰয়োগকাৰী সংস্থা, ৰাজ্যিক গৃহ বিভাগৰ অধিনত হয়। ৰাজ্যিক গৃহ বিভাগ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধিনত আছে। তেন্তে এই তথ্য দিয়াত অসমৰ মুখ্যমন্ত্ৰী বিফল হৈছে নেকি কব বিচাৰেছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ।

২৫ এপ্ৰিল পৰবৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে । পৰবৰ্ত্তী শুনানিত বিদেশী চিনাক্তকৰণ আৰু বিতাৰণৰ সন্দৰ্ভত অসম চৰকাৰ সন্মুখীন হোৱা প্ৰত্যেকটো সমস্যায়ে লিখিত ৰূপত দিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে ।

এপেস্ক কোৰ্টে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা গৌৰব বেনাৰ্জীক এমিকাচ কিউৰি হিচাপে নিযুক্তি দিছে অসমৰ বিদেশী সকলক চিনাক্ত আৰু বিতাৰণ কৰাত কোৰ্টক সহায় কৰিবলৈ ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্যৰ ৪৪,০০০ বিদেশী নিৰুদ্দেশ হোৱাতো আৰু মাত্ৰ ৪ জনক বিতাৰণ কৰিবলৈ সক্ষম হোৱাতো অতি দুৰ্ভাগ্যজনক । দিছপুৰে নিৰুদ্দেশ হোৱা বিদেশীক আটক কৰিবলৈ বিফল হৈছে বুলি ইতিমধ্যে স্বীকাৰ কৰিছে।

লগতে অসমৰ মুখ্য সচিবে উচ্চতম ন্যায়ালয়ক জনাই যে এন আৰ চিত বাদ পৰা লোকৰ আবেদনৰ শুনানি গ্ৰহণৰ বাবে ৯০০ কোটি টকা ব্যয়ৰে ১০০০ খন নতুন বিদেশী ন্যায়াধীশকৰন খোলাৰ পৰিকল্পনা কৰিছে । প্ৰায় ১০০০ জন অধিবক্তাক নিযুক্তি দিয়া হব বুলি প্ৰকাশ কৰিছে ।

মুখ্য সচিবে জনাই যে বিদেশী ন্যায়াধীশকৰনে প্ৰয়োজনী সাপেক্ষে কেন্দ্ৰীয় গৃহ বিভাগৰ লগত যোগাযোগ ৰাখিব । অধিবক্তা সকলক কি ভিত্তিত নিযুক্তি দিয়া হব বিদেশী ন্যায়াধীশকৰন সমূহত, অস্থায়ী ভাবে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে । লগতে মুখ্য ন্যায়াধীশে বিদেশী ন্যায়াধীশকৰন সমূহত ভাল ব্যক্তি জৰিত হৈছে বুলি নিশ্চিত নে বুলি মুখ্য সচিবক প্ৰশ্ন কৰে। ৰাজ্যিক চৰকাৰে অবসৰ প্ৰাপ্ত বিচাৰকক দিয়া কথা প্ৰকাশ কৰে মুখ্য সচিবে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি