Begin typing your search above and press return to search.

অসমীয়াক ৰক্ষা কৰিবলৈ হলে অগপ দলৰ বিকল্প নাই : প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰা

অসমীয়াক ৰক্ষা কৰিবলৈ হলে অগপ দলৰ বিকল্প নাই : প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Nov 2018 5:29 AM GMT

আসন্ন পঞ্চায়ত নিৰ্বাচনক লৈ চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদ দলে নগাঁও জিলাৰ বেবেজীয়াত ব্যাপক কুচকাৱাচ আৰম্ভ কৰিছে। নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজীয়া অঞ্চলটো এসময়ত অগপৰ দুৰ্গ ৰূপে চিহ্নিত আছিল। বৃহত্তৰ অঞ্চলটো যোৱা ১৫ বছৰ ধৰি কংগেছ দলৰ দখলত আছিল যদিও এইবাৰ বেবেজীয়া ডিমৌ বাংঠাই গাওঁ পঞ্চায়ত টো অগপ দলে উদ্ধাৰ কৰিবৰ বাবে কঁকালত টঙালি বান্ধিছে।এই উপলক্ষে আজি বেবেজীয়াত অসম গণ পৰিষদ দলৰ বেবেজীয়া- ডিমৌ-বাংঠাই আঞ্চলিক সমিতিৰ এখনি পঞ্চায়ত নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

বেবেজীয়া-ডিমৌ-বাংঠাই অগপ ৰ আঞ্চলিক সমিতিৰ সভাপতি বীৰচিং নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথিৰ ভাষণত প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই কয় যে বৰ্তমান অসমৰ ৰাইজ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি একেবাৰে মোহভংগ হৈছে। অসম আৰু অসমীয়াক ৰক্ষা কৰিবলৈ হলে অগপ ৰ দৰে আঞ্চলিক দলৰ আজি বিকল্প নাই। বেবেজীয়া- ডিমৌ- বাংঠাই আঞ্চলিক সমিতিৰ সম্পাদক বলীন্দ্ৰ কাকতিয়ে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত জিলা কাৰ্য্য নিৰ্বাহক সদস্য বিনোদ বৰুৱাই কয় যে অগপ ৰ পৰা নিবাৰ্চিত প্ৰতিনিধিয়েহে পঞ্চায়তৰ প্ৰকৃত উন্নয়ন বিশেষকৈ দুখীয়া ৰাইজৰ উপকাৰ সাধন কৰিবলৈ সক্ষম হব বুলি মত প্ৰকাশ কৰে।

সভাত বিশিষ্ট সমাজকৰ্মী তথা জেষ্ঠ নাগৰিক মহেশ্বৰ বৰঠাকুৰ, শিক্ষাবিদ ভাৰত শৰ্ম্মা, অধিবক্তা দণ্ডধৰ হাজৰিকা, জিলা অগপ ৰ সভাপতি অতুল মেধি, উপ সভাপতিদ্বয় গোলাম মুহিউদ্দিন খান, দেৱাজ আকবৰ, অগপৰ কেন্দ্ৰীয় সমিতিৰ কৃষক পৰিষদৰ সম্পাদক আনন্দ শইকীয়া, জিলা যুব পৰিষদৰ সম্পাদক দীপুজ্বল ৰাজখোৱা, কাছমাৰী অগপ ৰ সভাপতি হৰিদাস ৰাজকুমাৰ, বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ বৰা, অগপ ৰ মহিলা সমিতিৰ জিলা উপ-সভানেত্ৰী বিনু ডেকা প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তিয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত ৰণনীতি সন্দৰ্ভত দীঘলীয়া ভাষণ দিয়ে।

উল্লেখ্য যে সমাগত পঞ্চায়ত নিৰ্বাচনত বেবেজীয়া-ডিমৌ-বাংঠাই গাওঁ পঞ্চায়ত ত সভাপতি পদৰ বাবে সমাজকৰ্মী ঘনশ্যাম বৰা, আঞ্চলিক সদস্যৰ বাবে যমুনা ডেকা, আৰু ৱাৰ্ড সদস্য সকল ক্ৰমে ৰানু ডেকা, প্ৰনৱ বৰা, বিনিমা শইকীয়া, ইলা বৰদলৈ, সংগীতা দাস, ৰাজুমনি নাথ, সোনামনি দাস, জুনু দাস আৰু মমী বৰদলৈক প্ৰায় সৰ্বসন্মতিভাবে অগপ দলৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হয়। আজিৰ সভাত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থকা সভাখনিত একক নিৰ্বাচনী যুঁজেৰে ঐক্যবদ্ধ ভাবে ৰণকৌশল প্ৰস্তুত কৰিছে। উপস্থিত ৰাইজে অ:গ:প:জয়ধ্বনি ৰে আজিৰ পৰাই ঐক্যবদ্ধ ৰূপে ৰাইজৰ কাষলৈ যোৱাৰ সংকল্প গ্ৰহণ কৰে ।

Next Story
চাকৰি