Begin typing your search above and press return to search.

অসমৰ আৰক্ষীৰ কাৰ্যালয়ত জৰুৰী বৈঠক

অসমৰ আৰক্ষীৰ কাৰ্যালয়ত জৰুৰী বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2018 11:01 AM GMT

অহা ৩০জুলাইত প্ৰকাশ পাব এন আৰ চিৰ সম্পূৰ্ণ খচৰা। খচৰা প্ৰকাশৰ সময়ত নিৰাপত্তাক লৈ অসমৰ আৰক্ষীৰ কাৰ্যালয়ত ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে জৰুৰী বৈঠক। ইয়াৰ উপৰিও ভাৰতীয় সেনাৰ সৈতেও পৃথকে বৈঠক মিলিত আৰক্ষীৰ। বৈঠকত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ লগতে সকলো জ্যেষ্ঠ বিষয়া। বৈঠকৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই মত প্ৰকাশ কৰি কয় যে এন আৰি চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পূৰ্বে আৰু পিছৰ আইন–শৃংখলা পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ নজৰ ৰখা হ’ব।লগতে আইন হাতত ল'লে কঠোৰ হ'ব প্ৰশাসন বিভাগ।ইতিমধ্যে অতিৰিক্ত নিৰাপত্তা বাহিনীসমূহ আহি পাইছে ।

Next Story
চাকৰি