Begin typing your search above and press return to search.

অসমৰ কাৰণে সুখবৰ:সাহিত্য অকাডেমীৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম সন্তান

অসমৰ কাৰণে সুখবৰ:সাহিত্য অকাডেমীৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম সন্তান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2018 8:50 AM GMT

সাহিত্যৰ জৰিয়তে এইবাৰ আকৌ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম৷বিশিষ্ট কবি সনন্ত তাঁতি আৰু বিশিষ্ট গল্পকাৰ ঋতুৰাজ বসুমতাৰীলৈ ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমী বটাঁ ৷ সনন্ত তাঁতিৰ "কাইলৈ দিনটো আমাৰ বাবে হ’ব"শীৰ্ষক কাব্য পুথিৰ বাবে আৰু "দৌংচে লামা" এটি পথ নামৰ গল্প সংকলনৰ কাৰণে ঋতুৰাজ বসুমতাৰীলৈ ২০১৮ বৰ্ষৰ আগবঢ়াইছে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছে ৷

আনহাতে সাহিত্য অকাডেমী বটাঁ লাভ কৰাৰ পিছত সনন্ত তাঁতিয়ে কয় যে মই মোৰ কবিতাসমূহ মানুহৰ কাৰণে,সমাজৰ কাৰণে আৰু সমগ্ৰ পৰিবেশৰ কাৰণে লিখোঁ৷মই মোৰ নিজৰ সন্তুষ্টিৰ কাকো অনুসৰণ নকৰাকৈ লিখোঁ ৷এই মন্তব্য সাহিত্য অকাডেমী বটাঁ বিজয়ী সনন্ত তাঁতিৰ ৷

অন্যহাতে সনন্ত তাঁতিৰ জন্ম হৈছিল কৰিমগঞ্জ জিলাৰ কালিনগৰত৷ কালিনগৰ চাহবাগিচাৰ বাঙালী মাধ্যমত শিক্ষা লাভ কৰিছিল ৷ইয়াৰ পিছত ৰামকৃষ্ণ বিদ্যাপীঠৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ শ্বিলঙৰ ছেইন্ট এন্থনীজ কলেজত বিজ্ঞান শাখাত স্নাতক পৰ্যায়ত নামভৰ্তি কৰে ৷ সনন্ত তাঁতিয়ে ১৯৬৯ চনত কাব্য চৰ্চা আৰম্ভ কৰি প্ৰথমটো কবিতা লিখে৷ "উজ্জ্বল নক্ষত্ৰৰ সন্ধানকে ধৰি সনন্ত তাঁতিৰ প্ৰায় ১৪ খন কাব্য সংকলন প্ৰকাশ পায় । সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত "কাইলৈৰ দিনটো আমাৰ বাবে হ’ব"শীৰ্ষক কবিতা পুথিখনত মুঠ ৫৬ টা কবিতা সন্নিবিষ্ট হৈছে ৷লগতে গ্ৰন্থখন হৈছে ১০৪ পৃষ্ঠাৰ ৷

ইফালে ১৯৯৪ চনত অসম কবি সমাজে মৃনালিনী দেৱী গোস্বামী বঁটা,বীৰ বীৰছা মুণ্ডা বঁটা,ওছমান আলী সমন্বয় বঁটা লাভ কৰে সনন্ত তাঁতিয়ে ৷ অন্যহাতে ১৯৬৩ চনৰ ২০ অক্টোবৰত কাৰ্বিআংলঙত জন্ম গ্ৰহণ কৰে ঋতুৰাজ বসুমতাৰীয়ে ৷ অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ঋতুৰাজ বসুমতাৰীয়ে সাহিত্যিক নগেন শইকীয়া আৰু সৌৰভ চলিহাই তেওঁক বিশেষভাৱে অনুপ্ৰেৰণা দিয়াৰ কথা উল্লেখ কৰে ৷ঋতুৰাজ বসুমতাৰীৰ এখন গ্ৰন্থ হৈছে মৌনচে চিমাং নেনানৈ।

উল্লেখ্য যে এই দুই অসম সন্তানে ২০১৯ বৰ্ষৰ ২৯ জানুৱাৰিত নতুন দিল্লীত আয়োজন কৰা এক বঁটা প্ৰদান অনুষ্ঠানত সাহিত্য অকাডেমী বঁটা গ্ৰহন কৰিব ৷ লগতে এই বঁটাত থাকিব ১ লাখ টকা ,তাম্ৰপত্ৰ আৰু অংগ বস্ত্ৰ ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি