Begin typing your search above and press return to search.

অসমৰ জনসংখ্যাই ২০২৬ চনত চুবগৈ ৩.৪৪ কৌটি

অসমৰ জনসংখ্যাই ২০২৬ চনত চুবগৈ ৩.৪৪ কৌটি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Dec 2018 8:43 AM GMT

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰফাইল,২০১৮ নামৰ এটা প্ৰকল্পত প্ৰকাশ পোৱা মতে অসমৰ জনসংখ্যা ২০২৬ চনত ৩.৪৪ কৌটি হব। অসমৰ জনসংখ্যা ২০১১ চনৰ ৰাষ্ট্ৰীয় জনসংখ্যা গণনাত ৩.১২ কৌটি আছিল তাৰ বিপৰীতে ২০০১ চনৰ গণনাত আছিল ২.৬৬ কৌটি জন।জনসংখ্যা নীতি নিৰ্মাতা সকলে এই তথ্যৰ প্ৰতি আঙুলিয়াই কয় যে দশকটোত ৰাজ্য এখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৭.০৭ শতাংশতকৈ অধিক হোৱাটো ৰাজ্য এখনৰ বাবে অশুঙ লক্ষণ। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰফাইল,২০১৮ ত প্ৰকাশ পোৱা মতে ২০২৬ চনত অসমৰ জনসংখ্যা ২০১১ চনৰ জনসংখ্যাতকৈ ৩২ লাখ বৃদ্ধিহৈ ৩.৪৪ কৌটি হবগৈ।

বিশেষজ্ঞ সকলে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰফাইলে আগবঢ়োৱা তথ্যৰ ওপৰত সন্দেহ প্ৰকাশ কৰি অসমৰ জনসংখ্যা চলিত গড় বৃদ্ধিৰ হাৰেৰে ৩.৪৪ কৌটিতকৈও

অধিক হব বুলি মতপ্ৰকাশ কৰে। অসমৰ জন্মৰ হাৰ ২০১৪ চনৰ পৰা ২০১৬ চনৰ ভিতৰত হ্ৰাস পোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰফাইলে কৰা গণনাত প্ৰকাশ পায়। চৰকাৰী তথ্যমতে অসমৰ জন্মৰ হাৰ ২০১৪ চনত ২২.৪ শতাংশ আছিল।ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰফাইলত প্ৰকাশ পোৱা মতে অসমৰ জন্মৰ হাৰ ২০১৫ চনত হ্ৰসহৈ ২২ শতাংশ হয় আৰু ২০১৬ চনত হয় ২১.৭ শতাংশ।আনহাতে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰো ২০১৪ চনত হ্ৰাস পায় হয় ২১ শতাংশ, ২০১৫ চনত ২০.৮ শতাংশ আৰু ২০১৬ চনত হয় ২০.৪ শতাংশ। প্ৰতিবছৰে ১০০০ জন জনসংখ্যাৰ বিপৰীতে জন্মৰ সংখ্যাৰ দ্বাৰা জনসংখ্যাৰ বৃদ্ধিৰ হাৰ নিৰ্ধাৰণ কৰা হয়।

ৰাষ্ট্ৰীয় জনসংখ্যা আয়োগৰ শেহতীয়া তথ্যত প্ৰকাশ পোৱা অনুসৰি ২০২৫ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় জনসংখ্যা বৃদ্ধিৰ হাৰ ১৬ ৰ বিপৰীতে ১৬.৬ শতাংশ হব বুলি প্ৰকাশ পায়।এগৰাকী মহিলাৰ বিপৰীতে দুজন সন্তান জন্ম দিব পৰা নীতিৰ ফলত ভাৰতৰ ১২ খন ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২.১ শতাংশৰ ওচৰা ওচৰি হয়। ভাৰতৰ ভিতৰত দিল্লী,তামিলনাডু আৰু বেংগলত প্ৰজননৰ হাৰ আটাইতকৈ কম। তথ্যত প্ৰকাশ পোৱা মতে ভাৰতত প্ৰজননৰ ক্ৰমে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে।আনকি ভাৰতৰ দুখীয়া পৰিয়ালৰ মাজতো প্ৰজননৰ হাৰ হ্ৰাস পোৱাটোৱে শুভ ইংগিত বহন কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি