অসম কেবল খিলঞ্জীয়া জনসাধাৰণৰ বাবেহে, কেন্দ্ৰক সকীয়নি প্ৰদান সদৌ অসম ছাত্ৰ সন্থাৰ

অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ লৈ আপত্তি আৰু প্ৰতিবাদৰ।অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাধাৰণ জনসাধাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কখন প্ৰসংগত বিভিন্ন দল সংগঠনৰ সহযোগত আৰু সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অসম ছাত্ৰ সন্থা আৰু ৩০ টা অন্যান্য জনগোষ্ঠীয় দল সংগঠনে শুক্ৰবাৰে কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰি কয় যে অসম কেবল অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবেহে, ৰাজনৈতিক দলৰ ভোট বেংক কেন্দ্ৰীক ৰাজনীতিৰ বাবে অসমত বাংলাদেশীক কোনোধৰণৰ স্থান দিয়া নহব। কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সংসদত গৃহীত কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বিৰুদ্ধে নতুন দিল্লীৰ সংসদ ভৱনৰ বাহিৰত পালন কৰা ধৰ্ণা কাৰ্য্যসূচীৰ সময়ত এনেদৰে চৰকাৰক সকীয়নি প্ৰদান কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন কেইটাই। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্য্যায়ত সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অন্য ত্ৰিশটা ছাত্ৰ সংগঠনে দিল্লীৰ সংসদ ভৱনৰ বাহিৰত ধৰ্ণা কাৰ্য্যসূচী পালন কৰিছে।
সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য ত্ৰিশটা সংগঠনে পালন কৰা ধৰ্ণা কাৰ্য্যসূচী শুক্ৰবাৰে ৪৮ ঘন্টালৈ অব্যাহত থাকে, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছোই সংসদ ভৱনৰ বাহিৰত একেটা বিষয়ত প্ৰতিবাদ সাব্যস্ত কৰি আছে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সাংবাদিকক কয় যে অসম কেবল খিলঞ্জীয়া জনসাধাৰণৰ বাবেহে, অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অসমৰ সকলো ক্ষেত্ৰতে প্ৰভূত্ব থাকিব লাগিব। অসমৰ কোনো ধৰণৰ ক্ষেত্ৰতে বাংলাদেশীক অংশীদাৰিত্ব প্ৰদান কৰা নহব। ৰাজনৈতিক দলৰ ভোট বেংক কেন্দ্ৰীক ৰাজনীতিৰ স্বাৰ্থত অসমত প্ৰবেশ কৰা বাংলাদেশীৰ বাবে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে, কিন্তু আমি সেই ভাবুকিক প্ৰতিহত কৰিম এই দৰে মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জনে।
ধৰ্ণা কাৰ্য্যসূচী পালনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য ত্ৰিশটা দল সংগঠনৰ প্ৰতিনিধি সকলে কয় যে কেন্দ্ৰই পশ্চিম বংগৰ সীমাৰ পিছতো যে ভাৰতৰ অংশ আছে সেইবুলি গণ্যই নকৰে। দিল্লীৰ কেন্দ্ৰীয় চৰকাৰ খনে দীৰ্ঘ দিন ধৰি উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক বঞ্চনা কৰি আহিছে। জনগোষ্ঠীয় দল সমূহৰ এজন নেতাই কয় যে একমাত্ৰ ভোট বেংক বৃদ্ধি কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মতৰ বিপৰীতে বাংলাদেশীক উত্তৰ পূৰ্বাঞ্চলৰ ভূখণ্ডত সংস্থাপিত কৰাৰ শৰযন্ত্ৰ কৰিছে। আমি কেন্দ্ৰ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিপক্ষে সকলোৱে একত্ৰিত হৈছো। উত্তৰ পূৱ ছাত্ৰ সংগঠনেও বুধ বাৰে কেন্দ্ৰক উত্তৰ-পূৰ্বাঞ্চল বাংলাদেশীক সংস্থাপিত কৰাৰ ডাষ্টবিন নহয় বুলি সকীয়াই দিছিল।উত্তৰ পূৱ ছাত্ৰ সংগঠনৰ অধ্যক্ষ ছেমুৱেল জেৰৱা আৰু সম্পাদক চিনম প্ৰকাশ সিঙে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ কেন্দ্ৰই গৃহীত কৰিলে উত্তৰ পূৰ্বাঞ্চলত ভয়াবহ প্ৰতিৰোধ গঢ়ি তোলা হব বুলি মন্তব্য কৰিছিল।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি