Begin typing your search above and press return to search.

অসম গণ পৰিষদৰ অনুশাসন কমিটী গঠন

অসম গণ পৰিষদৰ অনুশাসন কমিটী গঠন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2019 8:51 AM GMT

মংগলবাৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰীসমিতিয়ে দলৰ অনুশাসন কাৰ্যকৰী ৰাখিবলৈ সিদ্ধান্ত লয়। দলটোৱে গুৱাহাটী আমবাৰীৰ মুখ্য কাৰ্যালয়ত এখন বৈঠকৰ অনুষ্ঠিত কৰে ৷ ইফালে অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিগত লোকসভা নিৰ্বাচনত দলৰ নিৰ্বাচনী প্ৰচাৰ কৰা নাছিল ৷ লগতে মহন্তই ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰাও বিৰত থাকে ৷

দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকখনত এখন অনুশাসন কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷আৰু অনুশাসন কমিটী গঠন কৰাৰ বাবে দলৰ সভাপতি অতুল বৰাক কতৃত্ব প্ৰদান কৰে ৷ লগতে দলৰ বৈঠকখনত এইটো ষ্পষ্ট সিদ্ধান্ত লয় যি দলৰ প্ৰতি জন সদস্যক দলৰ অনুশাসন পালন কৰিব লাগিব ৷ কাৰ্যনিৰ্বাহক বৈঠকখনত দলৰ সংবিধান সংশোধন কৰাৰ নিৰ্ণয় লয়।

ইফালে ৰাজ্যত ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৈঠকখনত ১৮ জনীয়া সংসদীয় সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক এই সমিতিখনক অন্তভূক্ত কৰা হয় ।বৈঠক খনত এনআৰচি সন্দৰ্ভতো আলোচনা কৰা হয় ৷বৈঠকখনত মন্ত্ৰী কেশৱ মহন্ত,ফণী ভূষণ চৌধুৰী,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,বৃন্দাবন গোস্বামী আৰু অন্যান্য লোকসকল উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি