Begin typing your search above and press return to search.

অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল

অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2018 5:17 AM GMT

গুৱাহাটীৰ বশিষ্ঠথানাত বৰসজাইৰ চম্পক নগৰৰ নিবাসী বিশ্বজিৎ নাথ নামৰ এজন ব্যক্তিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ বিশ্বজিৎ নাথৰ অভিযোগ যে APCC ৰ সভাপতি ৰিপুন বৰাই শনিবাৰে বিশ্বনাথ জিলাৰ বাগমাৰি চাহ বাগিচাতএখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু যোগগুৰু বাবা ৰামদেৱৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল ৷

উক্ত এজাহৰৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা ল’বলৈ কয় বিশ্বজিৎ নাথে ৷উল্লেখ্য যে,সম্প্ৰতি বিভ্ৰান্তিমূলক বা অপমানজনক মন্তব্যৰ বাবে ৰাজনৈতিক দলসমূহৰ বিভিন্ন নেতাই ইজনে সিজনৰ বিৰুদ্ধে কৰা মন্তব্য সম্পৰ্কীয় গোচৰৰ সংখ্যা অবাধ হাৰত বৃদ্ধি পাইছে আৰক্ষী থানাত ৷

গতিকে,ৰিপুন বৰাৰ বিৰুদ্ধে বিশ্বজিৎ নাথৰ এজাহাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া লক্ষ্যনীয় হ’ব অনাগত দিনত ৷

অন্য খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

Next Story
চাকৰি