Begin typing your search above and press return to search.

অসম বন্ধ: সৰ্বাত্মক সহাৰি সৰ্বসাধাৰণৰ

অসম বন্ধ: সৰ্বাত্মক সহাৰি সৰ্বসাধাৰণৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jan 2019 10:52 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) লোকসভাত গৃহীত হব বুলি শিলচৰৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাত্ত ভাৱে ঘোষণা কৰা দিনটোৰ পৰাই অসমৰ খিলঞ্জীয়া জনজীৱনৰ ওপৰত পৰা সৰ্বাত্মক প্ৰভাৱৰ পিছ মূহুৰ্ততেই সদৌ অসম ছাত্র সন্থা সহিতে ৩০ টা জনগোষ্ঠীয়ে অসম বন্ধৰ লগতে উত্তৰ পূৱ ছাত্ৰ সংগঠনে ( NESO) আহবান কৰা অসম তথা উত্তৰ পূৱ বন্ধ‌ই সৰ্বাত্মক ৰূপ ধাৰণ কৰে।

আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা বন্ধ‌ই সম্পূৰ্ণ ৰূপে স্তব্দ কৰি তোলে গুৱাহাটী মহানগৰীৰ জনজীৱন।

জালুকবাৰীৰ পৰা খানাপাৰালৈ, পল্টন বজাৰৰ পৰা মাছখোৱালৈ বন্ধৰ প্ৰভাৱত দোকান পোহৰ, যান- বাহন সম্পূৰ্ণ ৰূপে বন্ধ হৈ ৰাজপথ উকা হৈ পৰে।

সদা ব্যস্ত গুৱাহাটী মহানগৰীৰ ৰাজপথৰ লগতে ব্যস্ততাপূৰ্ণ বজাৰ সমাৰেৰে যথেষ্ট মানুহৰ লোকেৰে ভৰি থকা ফাঁছী বজাৰ তথা পাণবজাৰ এলেকাও উকা হৈ পৰে ১১ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱত।

সূদীৰ্ঘ ১০ বছৰ মূৰত সদৌ অসম ছাত্ৰ সন্থাৰ ঘোষণা কৰা এই বন্ধৰ সমৰ্থনত সদৌ অসম ছাত্র সন্থাৰ গুৱাহাটীস্থিত স্বহীদ ভৱন ন্যাসলৈ ওলাই আহে শতাধিক যুৱক। সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী সকলে

জাতিধ্বংসী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, জাতীয় নায়ক আজি খলনায়ক আদি ধ্বনিৰে উত্তাল কৰি তোলে স্বহীদ ন্যাসৰ সন্মুখভাগ।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাছ সমূহ চলি আছে যদিও গুৱাহাটীৰ কোনো কোনো অঞ্চলত বন্ধ সমৰ্থক সকলে কিছু কিছু বিক্ষিপ্ত ঘটনাও সংঘটিত কৰে।

অসম বন্ধৰ প্ৰভাৱত জনতা ভৱনৰ সন্মুখ ভাগো সম্পূৰ্ণৰূপে নিমাওমাও পৰিৱেশে বিৰাজ কৰে। অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰে গিজগিজাই থাকে জনতা ভৱনৰ সন্মুখভাগ।

সোমবাৰে সদৌ অসম ছাত্র সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬)ৰ বিৰুদ্ধে পালন কৰা ক'লা দিৱসৰ লগতে গুৱাহাটীৰ জেষ্ঠ নাগৰিক, প্ৰাক্তন প্ৰশাসনিক বিষয়া, বহু দল সংগঠনেও ধিক্কাৰ দিৱস পালন কৰি আজিৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল বন্ধলৈ সম্পূৰ্ণৰূপে সমৰ্থন জনাইছিল, ইয়াৰ লগতে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অসম গণ পৰিষদেও আজিৰ এই বন্ধক লৈ পূৰ্ণ সমৰ্থন জনাইছে।

গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ অসমতে অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হৈ পৰে।

নেছ' ‌ই আহ্বান কৰা উত্তৰ পূৰ্বাঞ্চল বন্ধ‌ও আজি সৰ্বাত্মক হৈ পৰে উত্তৰ পূৰ্বাঞ্চলত সাতোখন ৰাজ্যত।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি