Begin typing your search above and press return to search.

অসম বিধান সভাত ২০গৰাকী শিক্ষাৰ্থীৰ ইণ্টাৰ্নশ্বিপৰ সামৰণি

অসম বিধান সভাত ২০গৰাকী শিক্ষাৰ্থীৰ ইণ্টাৰ্নশ্বিপৰ সামৰণি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:03 AM GMT

অসম বিধান সভাৰ "অধ্যক্ষৰ উদ্যোগত" আয়োজিত অনুষ্ঠানত সফলতাৰে ২০ শিক্ষাৰ্থীৰ ১মাহৰ ইণ্টাৰ্নশ্বিপ অনুষ্ঠানৰ সামৰণি পৰে।৩০০ শিক্ষাৰ্থীৰ আৱেদনৰ পৰা ১০গৰাকী স্নাত্তক আৰু আন ১০গৰাকী স্নাত্তকোত্তৰ শিক্ষাৰ্থীক বাছি উলিয়াই এই অনুষ্ঠানত অংশ গ্ৰহনৰ সুবিধা প্ৰদান কৰা হৈছিল।প্ৰতিজন শিক্ষাৰ্থীক একোটাকৈ বিষয় প্ৰদান কৰি সেই বিষয়ৰ ওপৰত কাম কৰি ৰিপৰ্ট প্ৰদান কৰিছিল।এটা গ্ৰুপত ৩-৪ জনকৈ শিক্ষাৰ্থী লৈ সৈতে এজন গাইড হিচাপে বিধান সভাৰ বিষয়াৰ সৈতে বিষয়টিৰ ওপৰত কাম কৰিছিল।

সামৰণি অনুষ্ঠানত বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে সকলো শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰি কয় যে প্ৰতিজন শিক্ষাৰ্থীয়ে ইণ্টাৰ্নিশ্বিপৰ সময়ত সকলো ধৰনৰ তথা গণতান্ত্ৰিক প্ৰক্ৰিয়া,মুল্যবোধ সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে বিধান সভাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে শিক্ষাৰ্থী সকলক মান পত্ৰ প্ৰদান কৰে।

Next Story
চাকৰি