Begin typing your search above and press return to search.
অসম লোকসেৱা আয়োগ কেলেঙ্কাৰী গোচৰত ন্যায়ালয়ক বিপথে পৰিচালিত কৰাৰ বিফল চেষ্ঠা

অসম লোকসেৱা আয়োগ কেলেঙ্কাৰীৰ অভিযুক্ত মংগলদৈ বাৰ সন্থাৰ সভাপতি তথা জেষ্ঠ উকিল সৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত নতুন নতুন তথ্য পোহৰলৈ আহিছে।উকিলজনে অসম লোকসেৱা আয়োগৰ অভিযুক্তসকলক জামিন দিবৰ কাৰনে ঘোচ দিয়াৰ গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হবলগীয়া হয়।ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে সকলো উকিলজনৰ বিৰুদ্ধে সকলো প্ৰমান লাভ কৰিছে।ডিব্ৰুগড় আৰক্ষীয়ে শৈলেন্দ্ৰ শৰ্মা বৰুৱা নামৰ এজন উকীলক মংগলদৈৰ পৰা আৰু সুৰজিৎ চৌধুৰী নামৰ এজন আবাসন নিৰ্মাতাক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে।তেওঁলোক দোয়োজনে মাজৰ টকা লেনদেনৰ কাম কৰা বুলি জানিব পৰা গৈছে।
Next Story