Begin typing your search above and press return to search.

সংবাদ মাধ্যময়ে ৰাষ্ট্ৰীয় নিৰাপত্তাক আওকাণ কৰিব নোৱাৰিব: বিত্তমন্ত্ৰী অৰুণ জেটলী

সংবাদ মাধ্যময়ে ৰাষ্ট্ৰীয় নিৰাপত্তাক আওকাণ কৰিব নোৱাৰিব: বিত্তমন্ত্ৰী অৰুণ জেটলী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 March 2019 7:01 AM GMT

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে বৃহস্পতি বাৰে সংবাদ মাধ্যমৰ স্বাধীনতায়ে ৰাষ্ট্ৰীয় নিৰাপত্তাক আওকাণ কৰিব নোৱাৰিব বুলি প্ৰকাশ কৰে । ভাৰতীয় সংবিধানতো সংবাদ মাধ্যমৰ স্বাধীনতাত কিছু কাৰণত বাধ্যবাধকতা আৰোপ কৰা আছে। ৰাফেল চুক্তি ৰ সন্দৰ্ভত চৰকাৰে উচ্চতম ন্যায়ালয়ক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা ৫৯,০০০ কোটিৰ ৰাফেল বিমান ক্ৰয়ৰ চুক্তিৰ নথিপত্ৰ সমুহ চুৰি হোৱা বুলি প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে এই সন্দৰ্ভত The Hindu বাতৰিকাকত খনত প্ৰকাশিত এটা প্ৰবন্ধ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অৰুণ জেটলীয়ে । ন্যায়ালয়ত যি শুনানি হয় সেয়া ন্যায়ালয়তে সীমাবদ্ধ হব লাগে বুলি প্ৰকাশ কৰে । এনে স্পৰ্শকাতৰ বিষয় সমুহৰ বাতৰি প্ৰকাশ কৰোঁতে দেশৰ প্ৰতিৰক্ষা দিশৰ সুৰক্ষা দিশটো লক্ষ্য কৰাটো প্ৰয়োজনীয় ।

ভাৰতত সংবাদ মাধ্যমক যথেষ্ট স্বাধীনতা দিয়া হৈছে আৰু আমি সন্মান কৰো সংবাদ মাধ্যমক । কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হব নালাগে । বিগত ৭২ বছৰত কেতিয়াও দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হোৱা নাই বুলি প্ৰকাশ কৰে বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে ।

The Hindu বাতৰিকাকত খনত ৰাফেল বিমান ক্ৰয়ৰ চুক্তিৰ সন্দৰ্ভত প্ৰকাশিত প্ৰবন্ধয়ে অফিচিয়েল চিক্ৰেট এক্ট খন উলংঘা কৰিছে বুলি প্ৰকাশ কৰে এটৰনী জেনেৰেল কে কে বেনুগোলালে। এটৰনী জেনেৰেল কে কে বেনুগোলালে উচ্চতম ন্যায়ালয়ৰ সন্মুখত এই তথ্য দিছে । কেন্দ্ৰয়ে উচ্চতম ন্যায়ালয়েক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা ৩৬ খন ৰাফেল বিমান ক্ৰয়ৰ চুক্তি ৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ সমূহ চুৰি হোৱা বুলি প্ৰকাশ কৰে। লগতে ১৪ ডিচেম্বৰত এই গোচৰৰ সন্দৰ্ভত ন্যায়ালয়ে চৰকাৰক ক্লিন চিট দিছিল ।

উল্লেখযোগ্য যে The Hindu ৰ ৰাফেল চুক্তি ৰ সন্দৰ্ভত লিখা লেখক এন ৰামে প্ৰকাশ কৰে যে তেওঁ সংবিধানৰ ৯১ নং অনুচ্ছেদৰ প্ৰকাশ কৰাৰ অধিকাৰৰ নীতি মতে সুৰক্ষিত।

Next Story
চাকৰি