Begin typing your search above and press return to search.
অৰুন জেটলী আৰু বিজয় মালিয়াৰ প্ৰতিমূৰ্ত্তী দাহ

যোৱা শুক্ৰবাৰে সন্ধিয়া ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ চাৰিআলিত ঠাউৰা যুৱ কংগ্ৰেছ কমিটী আৰু জিলা যুব কংগ্ৰেছ কমিটীৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী সকলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুন জেটলী আৰু পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ কৰে।২০১৬চনত মালিয়াই দেশ ত্যাগ কৰা সময়ত অৰুন জেটলীত সৈতে এখন বৈঠকত মিলিত হৈছিল আৰু মালিয়াক চৰকাৰৰ তৰফৰ পৰা ৰক্ষনা-বেক্ষন দিয়া বুলি অভিযোগ উত্থাপিত কৰি প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে।ঠাউৰা আৰু শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ লগতে কৰ্মী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে নানান শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে।
Next Story