Begin typing your search above and press return to search.

অৰ্ধনির্মিত দলঙৰ সন্মুখত বহি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছৰ ধৰ্মঘট

অৰ্ধনির্মিত দলঙৰ সন্মুখত বহি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছৰ ধৰ্মঘট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Oct 2018 1:13 PM GMT

পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ আৰু ৰংখাং ব্লক কংগ্ৰেছৰ যুটীয়া উদ্যোগত জিলাখনৰ সৃষ্টি হোৱা বিধ্বস্ত বাদ পথৰ কেন্দ্ৰ কৰি দীৰ্ঘকাল ধৰি অৰ্ধনির্মিত দলঙৰ সন্মুখত বহি ধৰ্মঘটত কাৰ্যসূচী ৰূপায়ন কৰে। জিলাখনৰ অতিকৈ গুৰুত্বপূৰ্ণ পথ তথা জীৱন ৰেখা হিচাপে বিবেচিত খেৰণি-বৈঠালাংছ গৰকাপ্তানী পথৰ মাজত অৱস্থিত টেলেহৰ জুৰীৰ ওপৰত নিৰ্মান কৰা অৰ্দ্ধনিৰ্মিত দলঙৰ সন্মুখত ধৰ্মঘটত কাৰ্যসূচী পালন কৰে।

প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীযে অংশ গ্ৰহণ কৰা ধৰ্মঘটত অপূৰ্ব ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি পৰিষদৰ মুখ্যকার্যবাহি সদস্য তুলিৰাম ৰংহাঙক মিঠাচাৰ ভ্ৰষ্টাচাৰ, নেতা বুলি আখ্যা দি তুলাধূনা দিয়ে। পশ্চিম কাৰ্বি আংলঙ ৰাইজৰ জীৱন ৰেখা সদৃশ পথ সমূহ আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নাই কৰা বুলি অভিযোগ কৰে। লগতে টেলেহৰ জুৰীৰ ওপৰত দলং নিৰ্মান কাৰ্য সম্পূৰ্ণ নকৰাটো দুৰ্ভাগ্যজনক সেয়ে ধিক্কাৰ দিয়া বুলি মন্ত্যৱ কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশ্ন কৰে যে নিৰ্বাচনৰ পূৰ্বে আহি কৈছিল যে দুৰ্নীতি গ্ৰস্ত নেতা সকলক আশ্ৰয় নিদিয়ে দুৰ্নীতি সৈতে কেতিয়াও আপোচ কৰা নহব বুলি কৈছিল। কিন্তু সেই কথাবোৰ সম্প্ৰতি পাহৰি পেলাইছে বুলি কতাশ কৰে অপূৰ্ব ভট্টাচাৰ্য্য ই। ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ সভাপতি চাৰ্থে ক্ৰামচাই কয় যে অহা ডিচেম্বৰ মাহৰ ভিতৰত যদি টেলেহৰ দলংখন নিৰ্মান সম্পূৰ্ণ নকৰিলে জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰক সুকীয়াই দিছে।

Next Story
চাকৰি