Begin typing your search above and press return to search.

আকাশ খনৰ নাম সুধাকন্ঠ ৰাখিলো : গণশিল্পী সূৰ্য দাস

আকাশ খনৰ নাম সুধাকন্ঠ ৰাখিলো : গণশিল্পী সূৰ্য দাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Nov 2018 5:34 AM GMT

আজিৰে পৰা মই অসমৰ আকাশ খনৰ নাম সুধাকন্ঠ ৰাখিলো --এই মন্তব্য গণশিল্পী সূৰ্য দাসৰ । কালি বটদ্ৰৱাৰ ৰাইদঙীয়াত ড° ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ উদ্যোগ ত আৰু সৌৰভ শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত সুধাকন্ঠৰ সপ্তম বাৰ্ষিক স্মৃতি দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে গণশিল্পী সূৰ্য দাসৰ । সমাজকৰ্মী নৱ কুমাৰ ৰাজাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ভাষণ ৰাখি গণশিল্পী গৰাকীয়ে আৰু কয় যে অসমৰ আকাশত বেলি ডুবিবৰ সময় হোৱা যেন অনুভৱ কৰিছো । ভূপেন দাৰ গীতত লিখা সমন্বয় এতিয়াও যেন বাস্তৱত নহ'ল বুলিও তেও আক্ষেপ প্ৰকাশ কৰে ।

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি কবি , সাহিত্যিক মুনীন্দ্ৰ শইকীয়াই লিখি উলিওৱা "শঙ্খধ্বনি" --শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত ভূঞাই কয় যে সুধাকন্ঠই মৃত্যুৰ পিছত বিশ্বৰত্ন সন্মানেৰে বিভূষিত হ'ল ,কিন্তু আজিও ভাৰত ৰত্ন নাপালে।ভূপেন দাৰ দৰে এগৰাকী বিশ্ব বৰেন্য শিল্পীক আমি যেন আজিও গভীৰ ভাৱে উপলদ্ধি কৰিব নোৱাৰিলো তেও নিজৰ ভাষণত উল্লেখ কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট কবি ড° নন্দ সিং বৰকলাই ভাষণ প্ৰসংগত কয় যে সুধাকন্ঠ ভূপেন দাৰ আদৰ্শক বুকুত সাবটি আগবাঢ়িলে বৰ লুইতৰ দৰে বিশাল অসমীয়া মহাজাতিক কোনেও কেতিয়াও ৰুধিব নোৱাৰে। কবিন পাটৰ আৰু নাৰায়ণ দাসে আঁতধৰা সভাত সমাজকৰ্মী লাচিত বৰদলৈ , শিল্পী অমিয়া মহন্ত , ধীৰ সিং পাটৰ ,শিল্পী কিৰন হাজৰিকা আৰু মুক্তি দাস উপস্থিত আছিল।

Next Story
চাকৰি