আছু কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়: সমুজ্জ্বল ভট্টাচাৰ্য

ছাত্ৰ সংগঠন আছুক লৈ ৰাজনীতি নকৰিবলৈ সকিয়াই দিছে আছুয়ে । কোনো ৰাজনৈতিক দলে যাতে ছাত্ৰ সংগঠন আছুক লৈ ৰাজনীতি নকৰে আৰু আছু কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় বুলি প্ৰকাশ কৰে সমুজ্জ্বল ভট্টাচাৰ্যয়ে ।
আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যয়ে বুধবাৰে জনাই যে কিছু দিনৰ পূৰ্বে আছুয়ে কেইবাটাও ৰাজনৈতিক দলৰ লগত নাগৰিকত্ব সংশোধনি বিধেয়ক বিলৰ সন্দৰ্ভত আলোচনা কৰিছিল । বিশেষকৈ নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা সন্দৰ্ভত আলোচনা কৰে বুলি জনাই সমুজ্জ্বল ভট্টাচাৰ্যয়ে । কিন্তু নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ সন্দৰ্ভত কোনো ৰাজনৈতিক দলৰ নিদিষ্ট স্থিতি প্ৰকাশ কৰা নাই বুলি প্ৰকাশ কৰে। লগতে তেওঁ প্ৰকাশ কৰে যে অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক ছাত্ৰ সংগঠন আৰু আছুয়ে সদায় অৰাজনৈতিক দল হিচাপে কাম কৰি আহিছে ।
কিছু দিনৰ পূৰ্বে কংগ্ৰেছে প্ৰকাশ কৰিছিল যে এইবাৰ ছাত্ৰ সংগঠন আছুয়ে কংগ্ৰেছক সমৰ্থন কৰিব । কংগ্ৰেছে প্ৰকাশ কৰা এই বক্তব্যৰ প্ৰতিক্ৰিয়াত বুধবাৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যয়ে কয় যে আছু কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় ।
লগতে সমুজ্জ্বল ভট্টাচাৰ্যয়ে প্ৰকাশ কৰে যে নিশ্চিত যে বিজেপিয়ে নাগৰিকত্ব সংশোধনি বিধেয়ক খন পুৰ্ন সমৰ্থন আগবঢ়াছে। দলে প্ৰকাশ কৰে যে বিজেপিয়ে পুনৰ শাসনলৈ আহিলে নাগৰিকত্ব বিল খন প্ৰনয়ন কৰা হব । এতিয়া জনসাধাৰণে বিবেচনা কৰিব কাক ভোট দিব লাগে । এখন গণতান্ত্ৰিক দেশত জনসাধাৰণ মতামতে সৰ্বোচ্চ ।
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি