ভাৰত ৰত্ন প্ৰাপ্তী কুকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰৰ আজি ৮৯ সংখ্যক জন্মদিন।১৯২৯ চনৰ ২৮ ছেপ্তেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰৰ সংগীতকাৰৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা লতা মাংগেশকাৰ এম এছ শুভলক্ষ্মীৰ পিচতে দ্বিতীয় গৰাকী ভাৰতৰত্ন প্ৰাপ্ত গায়িকা। হিন্দী ভাষাত এহাজাৰতকৈ অধিক গীত গোৱা এইগৰাকী চিৰ সেউজ গায়িকাই বিভিন্ন আঞ্চলিক ভাষাতো নিজৰ কণ্ঠ নিগৰাই আহিছে।
লতা মংগেশকাৰৰ ভগ্নী আশা ভোষলে,উষা মংগেশকাৰও অতি সুন্দৰ গীত গাই অনুৰাগী সকলৰ মন মোহিবলৈ সক্ষম হৈছে ।
লতা মংগেশকাৰে নেশ্যনেল ফিল্ম এৱাৰ্ড,বেংগল ফিল্ম জাৰ্নেলিষ্ট এচোছিয়েশ্যন এৱাৰ্ড,শ্ৰেষ্ঠ প্লেবেক চিংগাৰ ফিল্মফেয়াে এৱাৰ্ড আদি বটাঁ পাবলৈ সক্ষম হোৱাৰ উপৰিও পদ্মভূষণ(১৯৬৯), দাদাচাহেব ফাল্কে এৱাৰ্ড(১৯৮৯), ৰাজীৱ গান্ধী সাধনা বটাঁ(১৯৯৯),পদ্মবিভূষণ(১৯৯৯),ভাৰত ৰত্ন(২০০১) আদি সন্মানেৰে বিভূষিত কৰা হৈছিল এই মহান গায়িকা গৰাকীক । এইগৰাকী কিংবদন্তি শিল্পীক অসংখ্য অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।