Begin typing your search above and press return to search.

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2018 8:11 AM GMT

নিৰ্মাণ আৰু কাৰিকৰী শিক্ষাৰ সৈতে জড়িত থকা সকলৰ আৰাধ্য দেৱতা বিশ্বকৰ্মাৰ বাৎসৰিক পূজা অৰ্চনাৰ দিন । সেয়ে ধুই-পখালি চিকুণাই তোলা হৈছে যান-বাহন, কল-কাৰখানাৰ যন্ত্ৰ-পাতি । ঘৰত থকা সাধাৰণ চাইকেল খনৰ পৰা ডাঙৰ ডাঙৰ উদ্যোগৰ যন্ত্ৰসমূহক পূজা অৰ্চনা কৰা হয় এই দিনটোতে ।পবিত্ৰ হিন্দু ধৰ্মৰ মতে,নিৰ্মাণ আৰু সৃষ্টিৰ ক্ষেত্ৰখনত দেৱশিল্পীৰ আশীষ অবিহনে অভিষ্ট সিদ্ধি নহয় । এই বিশ্বাসক সৰোগত কৰিয়েই তাহানিৰে পৰা চলি আহিছে বিশ্ব খনিকৰৰ পূজা-অৰ্চনা ।

ৰাজ্যৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয় , প্ৰতিষ্ঠান, কল-কাৰখানা আদিত উলহ মালহেৰে উদযাপিত হৈছে বিশ্বকৰ্মা পূজা ।পূজা উপলক্ষে ইতিমধ্যে সকলো অনুষ্ঠান-প্ৰতিষ্ঠান সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজাৰ। বিভিন্ন কাৰখানা, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ উপৰি যান-বাহনৰ গৰাকীসকলেও জাক-জমকতাৰে বিশ্বকৰ্মা পূজা উদযাপনৰ প্ৰস্তুতি চলাইছে।

Next Story
চাকৰি