Begin typing your search above and press return to search.

আজি বিশ্ব ৰেডিঅ’ দিৱসঃ আহক জানো আমাৰ মৰমৰ ৰেডিঅ’টোৰ বিষয়ে ৷

আজি বিশ্ব ৰেডিঅ’ দিৱসঃ আহক জানো আমাৰ মৰমৰ ৰেডিঅ’টোৰ বিষয়ে ৷

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Feb 2019 12:17 PM GMT

আজি বিশ্ব ৰেডিঅ’ দিৱস ৷ প্ৰথমতে ৰেডিঅ’ক লৈ কোনো দিৱস উদযাপন কৰা হোৱা নাছিল ৷ এই বিষয়টোৰ টোৰ সন্দৰ্ভত ২০১০ চনৰ ২০ অক্টোবৰত স্পেনিচ ৰেডিঅ’ একাডেমীৰ অনুৰোধত স্পেইনে সংযুক্ত ৰাষ্ট্ৰই বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰিব কাৰণে এক দেশ বাসীৰ দৃষ্টি আকৰ্ষণ কৰে ৷ ইয়াৰ পিছতে ২০১১ চনৰ ৩ নবেম্বৰত সংযুক্ত ৰাষ্ট্ৰই শৈক্ষিক,বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন ইউনেস্ক’ই পেৰিছত আয়োজিত এখন সভাত ঘোষণা কৰে যে প্ৰত্যেক বছৰৰ ১৩ ফ্ৰেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰা হ’ব।

ইফালে ২০১২-২০১৩ বৰ্ষত ৰেডিঅ’ৰ কোনো থিম নাছিল ৷কিন্তু ইয়াৰ পিছত প্ৰত্যেক বৰ্ষত কোনো এটা বিষয়ক মুখ্য হিছাপে লৈ ৰেডিঅ’ই বৰ্ষটো আগবঢ়াই নিয়ে ৷২০১৪ চনত মহিলা সবলীকৰণ, ২০১৫ চনত যুৱক আৰু ৰেডিঅ’, ২০১৬ চনত সংঘৰ্ষ আৰু দুৰ্যোগৰ সদয়ত ৰেডিঅ’,২০১৭ চনত ৰেডিঅ’ ইজ য়ু,২০১৮ চনত ৰেডিঅ’ আৰু খেল, আদি বিষয় চৰ্চা কৰাৰ কাৰণে নিৰ্ধাৰিত কৰিছিল ৷ চলিত বৰ্ষৰ বিষয় হৈছে "সংবাদ,সহিষ্ণুতা আৰু শান্তি"৷ এই বিষয়টো সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে যথেষ্ট উপযোগী আৰু সমসাময়িক ৷ বিশ্বৰ সকলো দেশৰ ৰেডিঅ’ৰ প্ৰশংসক আৰু শ্ৰোতাক এখন মঞ্চত একত্ৰিত কৰাৰ প্ৰয়াসত সফল হ’ল ৰেডিঅ’ ৷

ইয়াৰ বিপৰীতে ভাৰতত ৰেডিঅ’ৰ জয়যাত্ৰা সুখকৰ নাছিল ৷এই ক্ষেত্ৰত কিছু উৎসাহী লোকে ১৯২১ চনৰ ২০ আগষ্টত মুম্বাই,কলকাতা, মাদ্ৰাছ, লাহোৰত ৰেডিঅ’ৰ সম্প্ৰসাৰণ কৰিছিল যদিও থমকি ৰ’ব লগা হ’ল ৷ ব্যক্তিগত ট্ৰান্সমিটাৰৰ দ্বাৰা ১৯২৪ চনত মাদ্ৰাছ প্ৰেছীডেন্সী ক্লাবে ৰেডিঅ’ৰ প্ৰসাৰণ আৰম্ভ কৰে,কিন্তু তিনি বছৰতে অন্ত পৰে এই যাত্ৰাৰ ৷ ইয়াৰ পাছত ১৮৩৬ চনত "ইম্পীৰিয়েল ৰেডিঅ’ অফ ইণ্ডিয়া"ৰ আৰম্ভ হয়,যিয়ে স্বাধীনতাৰ পিছত অল ইণ্ডিয়া ৰেডিঅ’ নামেৰে বিখ্যাত হয়। ১৯৫৭ চনত অল ইণ্ডিয়া ৰেডিঅ’ৰ নাম পৰিৱৰ্তন কৰি আকাশৱানী কৰা হয়। "বহুজন হিতায়,বহুজন সুখায়" বাক্যশাৰীক সৰোগত কৰি আকাশ বানীয়ে ২৭ টা ভাষাত শৈক্ষিক, সাংস্কৃতিক, সাহিত্যিক, সামাজিক, খেল, যুবক যুৱতী,মহিলা তথা কৃষি আৰু পৰিবেশ সম্বন্ধীয় আদি বিষয়ক লৈ জনতাৰ মাজত নিজৰ প্ৰসিদ্ধি বিয়পাই ।

১৯৫৭ চনৰ ২ অক্টোবৰত স্থাপিত বিবিধ ভাৰতীয়ে ১৯৬৭ চনত ব্যৱহাৰিক ৰেডিঅ’ প্ৰসাৰণ আৰম্ভ কৰি এক নতুন যুগৰ সূচনা কৰে ৷স্বাধীনতাৰ সময়ত ভাৰতত কেৱল ৬ টা ৰেডিঅ’ ষ্টেচন আছিল ৷ সেই ৬ টা ষ্টেচন কেৱল ১১ শতাংশ শ্ৰোতাৰ মাজতহে আছিল ৷ কিন্তু সম্প্ৰতি ভাৰতত ২৫০ তকৈ অধিক ৰেডিঅ’ ষ্টেচনে ৯৯ শতাংশ শ্ৰোতাৰ মাজত আত্মীয়তাৰ সৃষ্টি কৰিছে ৷ৰেডিঅ’ৰ ষ্টেচন সমূহৰ বিভিন্ন তৰংগসমূহক মিডিয়াম ৱেভ,চৰ্ট ৱেভ নামেৰে জনা যায় ৷ ১৯৭৭ চনৰ ২৩ জুলাইত যেতিয়া চেন্নাইত এফএম চেনেলে পদাৰ্পন কৰিছিল তেতিয়া এফএমৰ উচ্চ গুণ লগতে কাৰ্যক্ৰমৰ বিভিন্ন দিশে শ্ৰোতাৰ মাজত এক প্ৰকাৰ এফএমে প্ৰভূত্ব বিস্তাৰ কৰিছিল ৷১৯৯৩ চনত ব্যক্তিগত এফএমৰ চেনেল অহাৰ লগে লগে শ্ৰতায়ে আদৰি লয় ৰেডিঅ’ক ৷

ৰেডিঅ’ক শুনি ভাল নোপোৱা মানুহ চাগে এই পৃথিৱীত নাই।যান্ত্ৰিকতাৰ যুগত আমি প্ৰযুক্তি বিদ্যাৰ লগত আগবাঢ়ি গৈ আছো যদিও ৰেডিঅ’টোৰ লগত আমি সকলো আৱেগিক ভাৱে জৰিত৷কিন্তুৰ সত্তৰ দশকত যেতিয়া টেলিভিশ্যন চেনেলক জনতাই আদৰি লৈছিল,তেতিয়া অনুভৱ হৈছিল যে টেলিভিশ্যন চেনেলৰ ধামখুমিটাত ৰেডিঅ’ হেৰাই যাব ৷সম্প্ৰতি ডিজিটেল যুগ ৷যাৰ কাৰণে আমি যিকোনো খবৰৰ জৰিয়তে প্ৰত্যেক ছেকেণ্ডত নিজক আগবঢ়াই লৈ যাব পাৰোঁ ৷সুখৰ বিষয় যে সাম্প্ৰতিক সময়ত প্ৰত্যেক জন লোকৰ মোবাইল ফোনতে থকা ৰেডিঅ’ শুনি যিকোনো মুহুৰ্ততে আনন্দ লাভ কৰিব পাৰে। গতিকে যিকোনো পৰিস্থিতিৰ সংগী স্বৰূপ ৰেডিঅ’টো অতীত হৈ পৰিল৷

উল্লেখ্য যে,ৰেডিঅ’টোক লৈ সংযুক্ত ৰাষ্ট্ৰৰ প্ৰাক্তন মহাসচিব বেন কী মুনে মন্তব্য কৰিছিল যে, ৰেডিঅ’ই আমাৰ মনোৰঞ্জন কৰে,আমাক শিক্ষিত কৰে,আমাক সাম্প্ৰতিক সময়ৰ বিভিন্ন খবৰৰ জৰিয়তে আমাক আগবঢ়াই লৈ যায় আৰু সমগ্ৰ পৃথিৱীৰ জনতাৰ মাজত সচেতনতা আনে৷যি কি নহওঁক,টেলিভিশ্যন অথবা মোবাইলত ৰেডিঅ’ শুনিব পাৰিলেও আমাৰ সকলোৰে পৰিচিত ৰেডিঅ’টোক মনৰ পৰা আঁতৰ কৰিব নোৱাৰে৷ কাৰণ ৰেডিঅ’টোৰ লগত জৰিত হৈ আছে আমাৰ বহু স্মৃতি ৷ যিসমূহ স্মৃতিয়ে ৰেডিঅ’ৰ লগত জড়িত প্ৰত্যেক জনক শ্ৰোতাক সজীৱ কৰি ৰাখে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি