Begin typing your search above and press return to search.

আজি মুম্বাইত ভাৰত-ৱেষ্ট ইণ্ডিজৰ চতুৰ্থ এদিনীয়া

আজি মুম্বাইত ভাৰত-ৱেষ্ট ইণ্ডিজৰ চতুৰ্থ এদিনীয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2018 8:49 AM GMT

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ পাচঁখনীয়া এদিনীয়া শৃংখলাৰ আজি চতুৰ্থ খন এদিনীয়া অনুস্থিত হব । এই পৰ্যন্ত দুয়োটা দলে এখনকৈ খেলত জয়ী হোৱাৰ বিপৰীতে ড্ৰ'হিচাপে সমাপ্ত হৈছে এখন খেল । আজিৰ খেল খন দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে ।

দ্বিতীয় আৰু তৃতীয় এদিনীয়াৰ নিৰাশাজনক ফলাফলৰ বাবে আজিৰ খেল খনত দলৰ কিছু সাল সলনি কৰাৰ ইংগিত প্ৰদান কৰিছে অধিনায়ক বিৰাট কোহলীয়ে । মূল একাদশত কাইলৈ স্থান পাব পাৰে কেদাৰ যাদৱে । আনহাতে, বলিং বিভাগত উমেশ যাদৱ আৰু খলিল আহমেদৰ মাজৰ যিকোনো এজনেহে স্থান লাভ কৰিব দলত । অধিনায়ক বিৰাট কোহলীয়ে ইতিমধ্যে সুন্দৰ প্ৰদৰ্শন তুলি ধৰিবলৈ সক্ষম হৈছে।

সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব বিৰাট কোহলীৰ ওপৰত । তেওঁ তিনিওখন খেলতে তিনিটাকৈ শতক অৰ্জন কৰিছে। উল্লেখযোগ্য যে, শতকৰ হেট্ৰিক কৰা কোহলীয়ে ভাৰতৰ প্ৰথমগৰাকী বেটছমেন। অৱশ্যে তেওঁৰ আজিৰ খেলখনত আৰু এটা শতক অৰ্জন কৰিলে তেওঁ আন এক নতুন অভিলেখৰ গৰাকী হ’ব। শ্ৰী লংকাৰ কুমাৰ ছাংগাক্কাৰাৰ নামত থকা ক্ৰমাগত চাৰিটাকৈ শতকৰ অভিলেখ স্পৰ্শ কৰিব পাৰিব কোহলীয়ে ।

Next Story