Begin typing your search above and press return to search.

আজি ১৮ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৮ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 March 2019 8:03 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

মুক্ত প্ৰাথমিক শিক্ষাৰ কাৰণে গোপাল কৃষ্ণ গোখলেই ১৯১০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ বিধান পৰিষদৰ ওচৰত নিজৰ প্ৰস্তাৱ ৰাখে ৷

১৯২২ চনৰ আজিৰ দিনটোতে ব্ৰিতানী আদালতে সবিনয় অবজ্ঞা আন্দোলনৰ পিছত ৰাজদ্ৰোহৰ অভিযোগত মহাত্মা গান্ধীক ছয় বছৰৰ কাৰাদণ্ড দিয়ে ৷

১৯৪০ চনৰ আজিৰ দিনটোতে মুছলিনী আৰু অ’ডোল্ফ হিটলাৰৰ মাজত হোৱা এখন বৈঠকত মুছলিনীয়ে ব্ৰিটেইন আৰু ফান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে কৰা যুদ্ধত জাৰ্মানীক সহযোগ দিবলৈ সিদ্ধান্ত লয় ।

১৯৪৪ চনৰ আজিৰ দিনটোতে সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দু ফৌজে বৰ্মাৰ সীমা অতিক্ৰম কৰে ।

১৯৯০ চনৰোআজিৰ দিনটোতে আমেৰিকাৰ সংগ্ৰাহলয়ৰ পৰা প্ৰায় ৫০০ মিলিয়ন ডলাৰৰ কলাকৃতি চুৰি হয়।

২০০৬ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰৰ মানৱ অধিকাৰ পৰিষদ গঠনৰ প্ৰস্তাৱ মঞ্জুৰ কৰে।

২০০৭ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াই পৰমাণু কাৰ্যক্ৰম বন্ধ কৰিবৰ কাৰণে সিদ্ধান্ত লয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯১৪ চনৰ আজিৰ দিনটোতে আজাদ হিন্দু ফৌজৰ অধিকাৰী গুৰবখশ সিং ঢিল্লোৰ জন্ম হৈছিল ৷

১৯১৪ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত নাগেন্দ্ৰ সিঙৰ জন্ম হৈছিল ৷

১৯৩৮ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা শশী কাপুৰৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৫৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মাৰেঠী বিদ্বান নাৰায়ন শাস্ত্ৰীৰ মৃত্যু হয়।

২০০০ চনৰ আজিৰ দিনটোতে হিন্দী ছবিজগতৰ প্ৰসিদ্ধ গায়িকা ৰাজকুমাৰী টুবেৰ মৃত্যু হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি