Begin typing your search above and press return to search.

আজি ১৯ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৯ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 April 2019 9:13 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৪৫১ চনৰ আজিৰ দিনটোতে বহলোল লোদীয়ে দিল্লী অধিকাৰ কৰে ৷

১৮৫২ চনৰ আজিৰ দিনটোতে কেলিফ’ৰ্নিয়াৰ হিষ্ট’ৰিকেল চ’চাইটিৰ গঠন হয়।

১৯১৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ লেস্লী ইৰবিনে পেৰাচ্যুটেৰে প্ৰথম অৱতৰণ কৰে ৷

১৯৩৬ চনৰ আজিৰ দিনটোতে ফিলিস্তীনত ইহুদী বিৰোধী আন্দোলন হয়।

১৯৭৫ চনৰ আজিৰ দিনটোতে তৎকালীন চোবিয়েত ৰছৰ সহায়ত প্ৰথম উপগ্ৰহ আৰ্যভট্ট প্ৰক্ষেপন কৰে ৷

১৯৮৯ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ এখন দেশ চিএৰা লিয়োনে গণতন্ত্ৰৰ ঘোষণা কৰে৷

১৯৯৯ চনৰ আজিৰ দিনটোতে বিবিচিৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰিকা আৰম্ভ কৰিবলৈ আচঁনি তৈয়াৰ কৰে ।

২০০১ চনৰ আজিৰ দিনটোতে বিএছএফে মেঘালয়ৰ এখন গাঁৱৰ পৰা বাংলাদেশী সেনাক খেদি পঠায়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯২২ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্ব যুদ্ধত জাৰ্মান যুজাঁৰু বিমান চালক এৰিছ হাৰ্টমেনৰ জন্ম হয়।

১৮৬৪ চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ প্ৰসিদ্ধ আৰ্য সমাজী নেতা,সমাজ সংস্কাৰক আৰু শিক্ষাবিদ মহাত্মা হংসৰাজৰ জন্ম হৈছিল ৷

১৯৬৪ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা আৰ্শ্বাদ ৱাৰ্চীৰ জন্ম হৈছিল ৷

১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ এথেলেটিক্স খেলুৱৈ অঞ্জু ৱাৰ্বী জৰ্জৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৮৮২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ জীৱবিজ্ঞানী চাৰ্লছ ডাৰ্বিনৰ মৃত্যু হৈছিল ৷

১৯১০ চনৰ আজিৰ দিনটোতে দেশৰ স্বাধীনতাত শ্বহীদ হোৱা যুৱ সংগ্ৰামী অনন্ত লক্ষ্মণ কন্হেৰেৰ মৃত্যু হয়।

১৯৩৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ চৈয়দ হসন ইমামৰ মৃত্যু হৈছিল ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসক জিম কৰবেটৰ মৃত্যু হৈছিল ৷

দ্য বিজাৰ্ড অফ আইডী চিৰীজৰ কাৰ্টুনিষ্ট ব্ৰেণ্ড পাৰ্কৰৰ মৃত্যু হয় ২০০৭ চনৰ আজিৰ দিনটোতে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি