প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ
১৫১৭ চনৰ আজিৰ দিনটোতে কাহিৰাক তুৰ্কীয়ে অধিকাৰ কৰে ৷
১৬৭৩ চনৰ আজিৰ দিনটোতে বোষ্টন তথা নিউয়কৰ মাজত ডাক সেৱা আৰম্ভ হয় ৷
১৭৬০ চনৰ আজিৰ দিনটোতে বান্দীবাশৰ যুদ্ধত ইংৰাজীয়ে ফান্সক পৰৰজিত কৰে ৷
১৮৩৭ চনৰ আজিৰ দিনটোতে দক্ষিন চিৰিয়াত অহা ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হয় ৷
১৯০৫ চনৰ ৰুছৰ চেন্ট পীটচবৰ্গত মজদূৰ সকলৰ ওপৰত কৰা গুলী বৰ্ষণত প্ৰায় ৬০০ জন লোকৰ মৃত্যু হয়।
১৯২৪ চনৰ আজিৰ দিনটোতে ৰেমন্স মেকডোনাল্ডে ব্ৰিটেইনত মজদূৰ সকলৰ প্ৰথম প্ৰধানমন্ত্ৰী হয় ৷
১৯৬৩ চনৰ আজিৰ দিনটোতে দেহৰাদূনত দৃষ্টিহীন লোকৰ কাৰণে ৰাষ্ট্ৰীয় পুস্তকালয়ৰ স্থাপন হয় ৷
১৯৬৫ চনৰ আজিৰ দিনটোতে পশ্চিম বংগালৰ দূৰ্গাপুৰত ইস্পাত কাৰাখানাৰ আৰম্ভ হয় ৷
১৯৭৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চুপ্ৰিম কৰ্টে গৰ্ভপাতক আইনী মাত্ৰা প্ৰদান কৰে ৷কৰ্টে নিজৰ সিদ্ধান্তৰ পিছত মহিলাসকলক গৰ্ভৱতী হোৱাৰ পিছত ৬ মাহৰ পিছত গৰ্ভপাত কৰোৱাব পাৰে ৷
১৯৭৩ চনৰ আজিৰ দিনটোতে নাইজেৰিয়াত জৰ্ডন এয়াৰলাইন্সৰ এখন বিমান দুুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াত প্ৰায় ২০০ যাত্ৰীৰ মৃত্যু হয় ৷
১৯৮১ চনৰ আজিৰ দিনটোতে ৰোনাল্ড ৰীগন আমেৰিকাৰ ৪০ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে শপত লয় ৷
১৯৯২ চনৰ আজিৰ দিনটোতে ডা° ৰাবৰ্টা বাণ্ডৰ মহাকাশলৈ যোৱা নিউৰল’জিষ্ট তথা প্ৰথম মহিলা হয়।
২০০৩ চনৰ আজিৰ দিনটোতে নাছাৰ অন্তৰীক্ষ যান পায়নীয়ৰ ১০ পৃথিৱীৰ লগত অন্তিম বাৰৰ কাৰণে সম্পৰ্ক স্থাপন কৰে ৷
২০০৬ চনৰ আজিৰ দিনটোতে ইবা মোৰাল্সে বোলীবিয়াৰ ৰাষ্ট্ৰপতি পদৰ শপত লয়।
১৮৯২ চনত স্বাধীনতা সংগ্ৰামী নেতা ঠাকুৰ ৰোশন সিঙৰ জন্ম হৈছিল ৷
১৮৯৮ চনত ৰুছৰ ছবি নিৰ্দেশক চেংগে মিখায়েলোবিছ আইনষ্টাইনৰ জন্ম হয়।
হিন্দী ছবি জগতৰ প্ৰসিদ্ধ অভিনেতা, লেখক,নিৰ্মাতা,নিৰ্দেশক আৰু সম্পাদক বিজয় আনন্দৰ জন্ম হৈছিল ১৯৩৪ চনৰ আজিৰ দিনটোতে ৷
১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী নম্ৰতা শিৰোডকাৰৰ জন্ম হৈছিল ৷
১৯৭৬ চনৰ আজিৰ দিনটোতে কৰ্ণাটকৰ সংগীত শেলীৰ প্ৰসিদ্ধ গায়ক তথা "মেগছেছ" পুৰস্কাৰ প্ৰাপ্ত ব্যক্তি টী এম কৃষ্ণৰ জন্ম হৈছিল ৷
১৯৭৭ চনৰ আজিৰ দিনটোতে দেশভক্ত তৰণ ৰাম ফুকনৰ জন্ম হৈছিল ৷
১৯৪৯ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰাৰ ৯ সংখ্যক মুখ্যমন্ত্ৰী মাণিক চৰকাৰৰ জন্ম হৈছিল ৷
১৬৬৬ চনৰ আজিৰ দিনটোতে মোগল বাদশ্বাহ শ্বাহজহাঁৰ মৃত্যু হয় ৷
১৯০১ চনৰ আজিৰ দিনটোতে ইংলেণ্ডত মহাৰাণী ভিক্টোৰিয়াৰ মৃত্যু হয় ৷
২০১৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ তেলেগু ছবি নিৰ্মাতা আৰু ছবি অভিনেতা এ নাগেশ্বৰৰ মৃত্যু হৈছিল।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি