Begin typing your search above and press return to search.

আজি ৰঙৰ উৎসৱ ফাকুৱা: আবিৰৰ ৰঙেৰে ৰঙীন চৌদিশ

আজি ৰঙৰ উৎসৱ ফাকুৱা: আবিৰৰ ৰঙেৰে ৰঙীন চৌদিশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 March 2019 10:15 AM GMT

আজি ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ ৰঙেৰে ৰঙীন চৌদিশ । হোলী গীতৰে মুখৰিত হৈ পৰিছে ৰাজ্য ।

বৰপেটা সত্ৰও আবিৰৰ ৰঙৰে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে । বৰপেটাৰ ঐতিহাসিক কীৰ্তন ঘৰতো উলহ মালহেৰে পালন কৰা হৈছে দৌল উৎসৱ । বুধবাৰে দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক মনিকূট গৃহৰ পৰা উলিয়াই টুপৰ চোতালত মেজিৰ জুইৰ চাৰিওফালে গোসাঁইক ঘূৰাই নিশা দৌলত আৰোহণ কৰা হয় । আজি ভৰদৌল । আজি গোসাঁইক দৌল গৃহৰ পৰা নমাই যোগমোহন গৃহত ৰখা হয় । কাইলৈ অনুষ্ঠিত হব বৰপেটাত ৰঙে ৰঙে একাকাৰ হোৱা উৎসৱ সুৱেৰি অৰ্থাৎ ফাকুৱা। বৰপেটাত অনুষ্ঠিত হোৱাৰ দৌল উৎসৱৰ উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৰুজনাৰ জন্ম স্থান বটদ্ৰৱাতো উলহ মালহেৰে ৰঙৰ উৎসৱ ফাকুৱা উৎযাপন কৰা দেখিবলৈ পোৱা গৈছে । আজিৰে পৰা আৰম্ভ হৈছে ফাকুৱা। বটদ্ৰৱাতো আজি বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে । বটদ্ৰৱা থানত পাঁচ দিনিয়াকৈ অনুষ্ঠিত কৰা হৈছে দৌল উৎসৱ । আজি গন্ধ উৎসৱ নিশা সত্ৰৰ ভকত বৈষ্ণৱ সকলে নাম কীৰ্ত্তণ কৰি মহাপ্ৰভূক নামঘৰৰ মনিকুতৰ পাতৰ পৰা নমাই আনি অস্থায়ী গৃহলৈ নি শুদ্ধিকৰন কৰে । এক সম্প্ৰীতিৰ সাকো গঢ়ী তোলে এই ফাকুৱা উৎসৱে। গুৰুজনাৰ জন্ম স্থান এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিনত হৈছে ।

সত্ৰ নগৰী মাজুলীতো ৰঙৰ উৎসৱ ফাকুৱাকলৈ ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হৈছে । সত্ৰ নগৰীত ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে ফাকুৱা উৎসৱ ।মাজুলীৰ গড়মূৰৰ ৰাজপথত জাৰ্মানী ইটালী,আৰু ফান্সৰ পৰ্যটকে গালে মূখে আবিৰৰ ৰং সানি ফাকুৱাৰ আনন্দ লোৱা পৰিলক্ষিত হৈছে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি