Begin typing your search above and press return to search.

আন্তজাৰ্তিক মাতৃভাষা দিৱস উপলক্ষে সকলো মাতৃভাষালৈ সশ্ৰদ্ধ প্ৰণাম

আন্তজাৰ্তিক মাতৃভাষা দিৱস উপলক্ষে সকলো মাতৃভাষালৈ সশ্ৰদ্ধ প্ৰণাম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Feb 2019 10:41 AM GMT

আজি আন্তজাৰ্তিক মাতৃভাষা দিৱস। প্ৰত্যেক বছৰে ২১ ফ্ৰেব্ৰুৱাৰী দিনটোক আন্তজাৰ্তিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হৈছে ৷ প্ৰত্যেক জন লোকেই আজি সগৌৰৱে নিজৰ ভাষাৰ দিৱস পালন কৰিছে। চিৰ চেনেহী মোৰ ভাষা জননী ৷ প্ৰত্যেক গৰাকী ব্যক্তিয়েই নিজৰ মাতৃভাষাক ভাল হৃদয়েৰে ভাল পায় । মাতৃভাষাৰ প্ৰচাৰ, প্ৰসাৰ কৰা আৰু সকলো ভাষা সংৰক্ষণ কৰাৰ উদ্দেশ্যৰে ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। কানাডাৰ ভেংকুভাৰ নগৰ নিবাসী দুজন বঙালী লোকে ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত সেই সময়ৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কফি আন্নানৰ ওচৰত ২১ ফ্ৰেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱসৰূপে স্বীকৃতি কৰিবলৈ আবেদন জনায়।

১৯৯৯ চনত ইউনেস্কোই এই দিৱসৰ কথা ঘোষণা কৰাৰ পিছত ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফ্ৰেব্ৰুৱাৰীক যথাযথ মৰ্যদাৰে পালন কৰে ৷ ২০০৯ চনৰ ১৬ মে’ত ৰাষ্ট্ৰসংঘই A/RES/61/266 নং সিদ্ধান্ত অনুসৰি সকলো সদস্য দেশকে "বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষা"ৰ বাবে অনুৰোধ কৰে ৷এই সিদ্ধান্ত অনুসৰি সাধাৰণ সভাই ২০০৮ চনক "ভাষাৰ আন্তজাৰ্তিক দিৱস" হিচাপে পালন কৰে ৷ উল্লেখযোগ্য যে,২০১০ চনত ৰাষ্ট্ৰ সংঘৰ ৬৫ তম অধিবেশনত প্ৰতিবছৰে ২১ ফ্ৰেব্ৰুৱাৰীক আন্তজাৰ্তিক মাতৃভাষা দিৱস ৰূপে পালন কৰিবলৈ বাংলাদেশে উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হয় ৷ ২০১০ চনৰ মে’ মাহত ৰাষ্ট্ৰ সংঘৰ তথ্যবিষয়ক সমিতিত প্ৰস্তাৱটো সৰ্বসন্মতিভাৱে গৃহীত হয়।বাংলাদেশৰ বিখ্যাত ভাষা আন্দোলনৰ স্মৃতি জীয়াই ৰাখিবলৈ ৰাষ্ট্ৰসংঘৰ ইউনেস্কই মাতৃভাষাৰ ব্যাপক প্ৰসাৰৰ বাবে প্ৰতিবছৰে এই দিনটো আন্তজাৰ্তিক মাতৃভাষাক দিৱস হিচাপে পালন কৰে ৷

অন্যহাতে, ১৯৪৮ চনত পাকিস্তান চৰকাৰে পূব পাকিস্তানত ৰাজকীয় ভাষা হিচাপে উৰ্দূৰ ভাষাৰ প্ৰচলন ঘোষণা কৰে ৷ ইয়াতে ক্ষোভিত হয় বাংলাদেশী পূব পাকিস্তানৰ নাগৰিক সকল বিদ্ৰোহত জ্বলিবলৈ ধৰে আৰু ঢাকা বিশ্ববিদ্যালয়ৰ কেইবাজনো ছাত্ৰ আৰক্ষীৰ গুলীত নিহত হয়৷১৯৫২ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত আৰক্ষীয়ে ৰেলীসমূহত গুলী চালনা কৰে ৷ চালাম,বৰকত, ৰফীক,জব্বাৰ,শ্বফিউৰকে ধৰি বিভিন্ন জনে প্ৰাণ ত্যাগ কৰে ৷ইফালে, মাতৃভাষাৰ কাৰণে নিজৰ প্ৰাণ ত্যাগ কৰা এই ঘটনাটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ ৰ’ব৷ইয়াৰ পিছতেই এই ভাষা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰে ৷ফলত বাধ্য হয় পাকিস্তান চৰকাৰে বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ বাধ্য হৈ পৰে ৷আৰু এনে ধৰণৰ ব্যাপক জনজাগৰণ ফলস্বৰূপে এটা ভাষাৰ বিজয় হ’ল ৷

উল্লেখ্য যে, প্ৰত্যেকগৰাকী ব্যক্তিয়েই নিজৰ ভাষাক ভাল পায়,সন্মান কৰে অথবা প্ৰত্যেক গৰাকী ব্যক্তিয়েই নিজৰ ভাল পোৱা উচিত ৷ প্ৰসিদ্ধ কবি, সাহিত্যিক হীৰেন ভট্টাচাৰ্যৰ অনুসৰি "তুমি ইংৰাজী ভালেই লিখা বা বেয়াই লিখা,তাত ইংৰাজী ভাষাটোৰ একো আহে নাযায়। তুমি বা আন ইংৰাজী ভাষাত লিখাসকলে জাবৰ লিখিলেও ইংৰাজী ভাষাৰ মৰ্যাদাৰে কোনো হীনডেঢ়ি নঘটে ৷কিন্তু আমি এটা কথা উপলব্ধি কৰা উচিত যে যিসকলে অসমীয়া ভাষাত,অৰ্থাৎ আমাৰ মাতৃভাষাত লিখা-পঢ়া কৰে,তেওঁলোকে যদি ভুল অসমীয়া লিখে,তেতিয়া কিন্তু অসমীয়া ভাষাটোৰ প্ৰচুৰ ক্ষতি হ’ব ৷গতিকে , প্ৰত্যেক গৰাকী ব্যক্তিৰেই নিজৰ মাতৃভাষাটো আৱেগ স্বৰূপ ৷ জন্ম হৈয়ে, কেঁচুৱা অৱস্থাৰ পৰা শিকা ভাষাটো লৈ গৌৰৱ অনুভৱ কৰে সকলোৱে৷

গতিকে নিজৰ মাতৃভাষাক সকলোৱে সন্মান কৰাৰ লগতে ভাষাটোৰ স্বকীয়তা যাতে হেৰাই নাযায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে সকলোৱে৷ গতিকে আহক সকলোৱে আন্তৰাষ্ট্ৰীয় ভাষা দিৱসত শুদ্ধ উচ্চাৰণ,শুদ্ধ বাক্য গাঁথনিৰে আমি আমাৰ মাতৃভাষাক উচ্চ স্তৰলৈ লৈ যাবলৈ দৃঢ় প্ৰতিজ্ঞ হওঁ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি