আপুনি যদি কফি খাই ভাল পায়ঃ তেন্তে পঢ়ক আমাৰ এই বিধি

অত্যাধিক কামৰ হেঁচাৰ পিছত বা কেতিয়াবা আমাৰ কামৰ হেঁচাই ভাগৰুৱা অনুভৱ কৰালে একাপ চাহ অথবা কফিৰ প্ৰয়োজন হয় সকলোৰে ৷ অৱশ্যে চাহ বা কফিৰ ক্ষেত্ৰত পছন্দ সকলোৰে পৃথক পৃথক৷ কিন্তু পছন্দ যিয়েই নহওক,চাহ বা একাপ কফিয়ে আমাৰ শৰীৰলৈ যি সতেজ ভাৱ আনে সেয়া চাহ বা কফিৰ প্ৰতি আসক্তি থকা জনেহে জানে ৷কিন্তু আজি আমি আলোচনা কৰিম কফিৰ বিষয়ে ৷ আহক জানো আমি সততে সোৱাদ লোৱা কফিৰ তৈয়াৰ কৰা প্ৰণালী বিষয়ে ৷ "কফি"এনে এবিধ সামগ্ৰী য’ত বিভিন্ন সামগ্ৰী মিশ্ৰিত কৰাৰ পিছত ইয়াৰ সোৱাদে লয় অন্যন্য ৰূপ ৷ প্ৰথমতে জানো আহক কেপেচিনো কফীৰ বিষয়ে ৷
কেপেচিনো কফী তৈয়াৰ কৰিবৰ কাৰণে গাখীৰ ১ কাপ,পানী প্ৰয়োজন অনুসাৰে,কফী পাউদাৰ সৰু চামুচেৰে ১ চামুচ,মিহি চেনীৰ দানা ১ চামুচ আৰু প্ৰয়োজন অনুসাৰে চকলেট । কাৰণ চকলেটৰ জৰিয়তে কফীৰ ওপৰত আভৰণ দিয়া হয় । ইয়াৰ পিছত এটা কফী ম’গত কফী পাউডাৰ,চেনীৰ মিহি দানা আৰু প্ৰয়োজন অনুসাৰে পানী লৈ ফেটীব লাগে ৷ অলপ সময়ৰ পিছত এই সামগ্ৰীসমূহৰ ৰঙ গাঢ় হ’ব ৷ এতিয়া এটা পেনত গাখীৰ গৰম কৰিব ৷ কিন্তু মন কৰিব যাতে গাখীৰখিনি উতলি নাযায় ৷ গৰম গাখীৰখিনি কাঁচৰ এটি পাত্ৰত দি ফেন নহালৈকে মিশ্ৰিত কৰিব লাগে ৷ ইয়াৰ পিছত আপোনাৰ কফি কাপটোত গাখীৰ খিনি দি এখন চামুচেৰে আকৌ মিলাই দিব ৷শেষত চকলেটৰ অংশ লৈ বা চকলেট পাউডৰ লৈ কফীৰ ওপৰত এটি আৱৰণ দি পৰিবেশন কৰিব পাৰে ৷
কেফে মোকা কফী ।
গাখীৰ ১ কাপ ,ডাৰ্ক চকলেট ২০ গ্ৰাম,ইনষ্টেন কফী ১ চামুচ,চেনী ১ চামুচ আৰু ক্ৰীম ১/২ চামুচ ৷ এতিয়া এটা পেনত অলপ গাখীৰ লৈ গৰম কৰিব ৷ লগতে অন্য এটা পেনত গৰম পানীত ডাৰ্ক চকলেট ইনষ্টেন কফী পাউডাৰ আৰু চেনী মিশ্ৰিত কৰিব লাগে ৷ ইফালে চকলেট গৰমতে গলি যাব ৷ ইয়াৰ পিছতে এখন ডাঙৰ চামুচেৰে গৰম কৰা গাখীৰখিনিৰ লগত মিহলাব লাগে ৷লগতে বাকী থকা গাখীৰ খিনি এটা কাঁচৰ পাত্ৰত ৰাখি ভালকৈ মিশ্ৰিত কৰিব লাগে ৷ইয়াৰ পিছত এটা কফীৰ ম’গত চকলেট আৰু কফীৰ মিশ্ৰণ লৈ ফেটী লোৱা গাখীৰ লৈ তাৰ ওপৰত ক্ৰীমৰ এটা তৰপ দি পৰিবেশন কৰিব পাৰে ৷
কেফে লাতে
কেফে লাতে তৈয়াৰ কৰিবৰ কাৰণে প্ৰয়োজন কফী পাউডাৰ ২-৩ চামুচ,মিহি চেনীৰ দানা ১ চামুচ,গৰম পানী ১/৪ চামুচ,গাখীৰ ১ কাপ৷ ইয়াৰ পিছত ১ কাপ কফী পাউডাৰ,মিহি চেনীৰ দানা আৰু গৰম পানী লৈ মিশ্ৰণ কৰিব লাগে ৷ গৰম গাখীৰক এটা পাত্ৰত লৈ ফেন নহালৈকে ঘূটি থাকিব লাগে ৷ইয়াৰ পিছত এই গাখীৰ খিনিক লাহে লাহে কফী কাপত দি পৰিবেশন কৰিব ৷
এক্সপ্ৰেছ’ কফী
কফী পাউডাৰ সৰু চামুচেৰে দুচামুচ,চেনী ১ চামুচ,গাখীৰ ১ কাপ,পানী প্ৰয়োজন অনুসাৰে লগতে চকলেট পাউডাৰো প্ৰয়োজন অনুসাৰে৷একাপ কফী পাউডাৰৰ লগত অলপ চেনী মিশ্ৰিত কৰিব ।এক্সপ্ৰেছ’ কফীৰ সোৱাদ কাঢ়া হয় ।কাৰণ ইয়াত কফীৰ মাত্ৰা বেছি হয় ।ইয়াত অলপ গৰম গাখীৰ মিশ্ৰিত কৰি ৰং কাঢ়া নোহোৱালৈকে ফেটীব লাগে ৷ ইয়াৰ পিছত এটা পেনত অলপ গাখীৰ গৰম কৰি কফী কাপত লৈ ওপৰত কফীৰ পাউডাৰৰ আৱৰণ দি পৰিবেশন কৰিব পাৰে ৷
অধিক খবৰৰ বাবে পঢ়ক :বিবিধ