আপুনি যদি সাগৰৰ গভীৰতা ভাল পায় : তেন্তে যাব পাৰে মেক্সিকোলৈ

হাজাৰ প্ৰত্যাহ্বান নেওচি সফলতা অৰ্জন কৰি ভাল পোৱা সকলৰ বাবে সুখবৰ ৷ কাৰণ মেক্সকোস্থিত মান্যুমেটল কন্টেমপ্ৰেৰী সংগ্ৰাহালয়ে দিয়ে সাগৰৰ গভীৰ ৰঙীন জগতখনত বিচৰণ কৰাৰ সুবিধা ৷যিসকল লোকে সাগৰৰ গভীৰতাত থকা বিভিন্ন ৰঙীন জগতখনৰ আমোদজনক দৃশ্য উপভোগ কৰি ভাল পায়৷ সেই সকল যাব পাৰে মান্যুমেটল কন্টেমপ্ৰেৰী সংগ্ৰাহালয়লৈ ৷ মেক্সিকোস্থিত এই সংগ্ৰাহালয়টো সাগৰৰ তলীৰ পৰা ২৮ ফুট তলত অৱস্থিত ৷ লগতে ইয়াত আছে প্ৰায় ৫০০ টা স্থাপত্য ভাস্কৰ্য ৷মেক্সিকোৰ ইল্লা আইলেণ্ডৰ কাষত অৱস্থিত অতি উচ্চ প্ৰযুক্তিৰে নিৰ্মিত সাগৰৰ তলত থকা মেক্সিক’ মান্যুমেটল সংগ্ৰাহালয়টো চাবলৈ সদ্যহতে দৰ্শনাৰ্থীৰ আগমন ঘটিছে ৷
ইফালে, মেক্সিকোস্থিত মান্যুমেটল সংগ্ৰাহলয়টোৰ নিৰ্মাণ আৰম্ভ কৰিছিল ২০০৯ চনত ৷ সংগ্ৰাহলয়টো উদ্দেশ্য আছিল, সাগৰৰ তলৰ গভীৰতাত থকা জীৱসমূহক ৰক্ষা কৰা ৷ সংগ্ৰাহলয়টো সংস্থাপক ৰ’বট আব্ৰাহামৰ ভাষ্য অনুসৰি,সাগৰৰ গভীৰতাত সংস্থাপিত সংগ্ৰাহলয়টো এনেধৰণে নিৰ্মাণ কৰা হৈছে যাতে সাগৰৰ গভীৰতাত থকা জীৱসমূহ সুৰক্ষিত হৈ থাকে৷ লগতে জীৱসমূহৰ বংশ বৃদ্ধি হয় ৷ লগতে যিসমূহ জীৱই সাগৰৰ তলত পাল পাতি সামূহিকভাৱে ক’লনী বনাই বাস কৰে, সেইসমূহ জীৱৰ বংশবৃদ্ধিত যাতে, কোনো ধৰণৰ ক্ষতি নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখি সংগ্ৰাহালয়টোত উন্নত মানদণ্ডৰ চিমেন্ট ব্যৱহাৰ কৰিছে ৷
অন্যহাতে,এই সংগ্ৰাহলয়টো নিৰ্মাণ কৰিছে ৬ জন কলাকাৰে ৷ উল্লেখ্য যে ,বিভিন্ন লোকসকলে সাগৰৰ গভীৰতাত থকা ৰোমাঞ্চিত জগতখনৰ অভিজ্ঞতা লাভ কৰাই নহয়,সাগৰীয় জীৱসমূহৰ প্ৰত্যেকটো মুহুৰ্তও অডিঅ’ চিষ্টেমৰ জৰিয়তে শুনিব পাৰিব ৷ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে সাগৰীয় জীৱসমূহে কৰা বিভিন্ন শব্দ উপভোগ কৰিবলৈ এটা হেডফোনৰ ব্যৱস্থা কৰিছে সংগ্ৰাহালয়টোৰ কৰ্তৃপক্ষই ৷ উল্লেখ্য যে,সাগৰীয় সংগ্ৰাহালয়টোৰ দৃশ্যসমূহ উপভোগ কৰিবলৈ বিশেষ কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লাগে ৷ লগতে আছে টিকটৰ ব্যৱস্থা ৷ টিকটৰ মূল্য হৈছে ৪,২৮২ টকা ৷ এটা টিকটৰ জৰিয়তে দুঘন্টালৈ সাগৰৰ ৰোমাঞ্চিত জগতখনৰ দৃশ্য উপভোগ কৰিব পাৰি ৷
উল্লেখযোগ্য যে, দৰ্শনাৰ্থীসকলে যাতে সংগ্ৰাহলয়টোলৈ যোৱাৰ পথত কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখি সংগ্ৰাহলয়টোৰ কৰ্তৃপক্ষই প্ৰত্যেকজন দৰ্শনাৰ্থীৰ লগতে সুৰক্ষাকৰ্মীৰ ব্যৱস্থা কৰি দিয়ে ৷
অন্য খবৰৰ বাবে পঢ়ক:বিবিধ