Begin typing your search above and press return to search.

আমোলাসকলক আগবাঢ়ি আহিবলৈ দিয়ক আৰু তেওঁলোকৰ নিজৰ কাম কৰিবলৈ দিয়ক

আমোলাসকলক আগবাঢ়ি আহিবলৈ দিয়ক আৰু তেওঁলোকৰ নিজৰ কাম কৰিবলৈ দিয়ক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jun 2018 7:49 AM GMT

বহুতে কয় ৰাজনীতি হৈছে খেল সলনি কৰি দিব পৰা ব্যৱস্থা। কিন্তু আন কিছুমানে পাহৰি যায় যে ৰাজনীতি আন এটা নাম হৈছে ৰাইজৰ সেৱা কৰা। ৰাইজৰ সেৱা অবিহনে গণতন্ত্ৰ কেনেদৰে বৰ্তি থাকিব। এতিয়া প্ৰশ্ন হয় যে, যদি আনুষ্ঠানিক কামত দক্ষ নহয় তেন্তে ইমান দৰমহা ভাত্তা পাই থকা এই বৃহৎ আমোলাতন্ত্ৰৰ কি প্ৰয়োজন? আমোলাসকলৰ কাম হৈছে তেওঁলোকে সেৱা আগবঢ়োৱা মন্ত্ৰীসকলক পথ প্ৰদৰ্শন কৰা। কিন্তু গণতন্ত্ৰত কোনো আমোলাই কোনো মন্ত্ৰীক সেৱা আগবঢ়াৱ নোৱাৰে। কাৰণ গণতন্ত্ৰত সকলোৱে নিস্বাৰ্থভাৱে ৰাইজক সেৱা কৰিব লাগে। এইখিনিতে আমোলাসকলৰ মূল পৰীক্ষা আৰম্ভ হয়। অসম চৰকাৰৰ এজন মন্ত্ৰী পিয়ুষ হাজৰিকাই অসমৰ খাদ্য, গাখীৰ, ফল আৰু মিঠাইৰ বিক্ৰেতাসকলে নিয়ম নমনাকৈ বস্তু বিক্ৰী কৰাৰ বাবে কঠোৰ ব্যৱস্থা লৈ বিক্ৰেতাসকলৰ চকুৰ টোপনি হৰিছে। তেওঁৰ এই পদক্ষেপে ৰাইজ আৰু সংবাদমাধ্যমৰ প্ৰশংসা লাভ কৰিছে যদিও ডাঙৰ প্ৰশ্নটো হৈছে এই পদক্ষেপ কিমান দিনলে বাহাল থাকিব? বাতৰি সূত্ৰই এই ক্ষেত্ৰত কয় যে এনেকুৱা অভিযানবোৰ মন্ত্ৰীৰ কাম নহয়। এই কাম হৈছে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ কিন্তু হাজৰিকাৰ শেহতীয়া পদক্ষেপে আমোলা বিষয়াসকলৰ বিফলতাৰ কথাকে সূচায়। গতিকে আমোলাসকলৰ দ্বাৰা এটা আনুষ্ঠানিক সংস্থা গঠিত কৰি তেওঁলোকক সংশ্লিষ্ঠ মন্ত্ৰীসকলক বিভিন্ন বিষয়ত পৰামৰ্শ দিয়া কামত নিয়োজিত কৰিব লাগে।

Next Story
চাকৰি