আলফা(স্বাধীন)য়ে মুকলি কৰি দিলে অপহৃত অপূৰ্ব কাকতিক

ডিগবৈৰ পৰা অপহৃত হৈ থকা অপূৰ্ব কাকতিক অৱশেষত মুকলি কৰি দিলে আলফা স্বাধীনে। অপহৰণৰ সাতদিনৰ পিছত অপহৃত অপূৰ্বক আলফাই মুকলি কৰি দিয়ে। বুধবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ চাংলাং জিলাৰ নামপোঙৰ নাংপৈ নালা অঞ্চলৰ পৰা অপহৃত অপূৰ্ব কাকতিক সুৰক্ষা বাহিনীৰ দলে উদ্ধাৰ কৰে। উদ্ধাৰহোৱা অপূৰ্ব কাকতিৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্যৰ কোনো ধৰণৰ অৱনতি ঘটা নাই বুলি বাতৰি সংগ্ৰহ কৰা তথ্যৰ পৰা জানিব পৰা গৈছে। শিলভঙা উদ্যোগটোৰ স্বত্বাধিকাৰী বিজয় বৰাই অপূৰ্বক ম্যানমাৰ সীমান্তৰ ঘন জংঘলত আলফাই মুকলি কৰি দিয়া বুলি উল্লেখ কৰে। অপূৰ্বক মুকলি কৰি দিয়া সন্দৰ্ভত বিনিময় ধন দিয়া হৈছে নে নাই সেই সন্দৰ্ভত এতিয়ালৈ কোনো তথ্য লাভ কৰা হোৱা নাই।
অন্যহাতে অসম আৰক্ষীৰ এটা প্ৰতিনিধী দলে তিনিচুকীয়াত অপূৰ্বক উদ্ধাৰৰ বাবে যোৱা সময়ত অসম ৰাইফলচৰ পৰা কোনো ধৰণৰ সহযোগিতা নোপোৱা বুলি উল্লেখ কৰি অভিযানৰ বাবে যোৱা দলটোৱে জয়ৰামপুৰত অসম ৰাইফলছৰ পৰা সমস্যাৰহে সন্মুখীন হোৱা বুলি মতপ্ৰকাশ কৰিছে। ডিগবৈৰ ৰামনগৰৰ অপূৰ্ব কাকতি ২০ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল। অপূৰ্বক অধিক তথ্যৰ সন্দৰ্ভত অসম ৰাইফলছে নিজৰ জিম্মাত ৰাখিছে। ইফালে এক ভূল বুজাবুজিৰ পৰিণতিত অপূৰ্বক আলফা স্বাধীনে অপহৰণ কৰিছিল বুলি পৰিয়ালৰ ফালৰ পৰা সদৰি কৰা হৈছে।বিগত দিনত উজনি অসমত আলফা স্বাধীন যথেষ্ট সক্ৰিয় হৈ উঠিছে। বিভিন্ন ঠাইৰ পৰা আলফালৈ ঢাপলি মেলিছে নতুন নতুন যুৱক-যুৱতী। ধন দাবী,অপহৰণৰ দ্বাৰা আলফাই নিজৰ সাংগঠনিক ভেটি মজবুট কৰাৰ প্ৰচেষ্ঠা দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে।
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি