বলীউডৰ অভিনেত্ৰী তথা ষ্টুডেন্ট অৱ দ্য ইয়েৰ নৱাগতা অভিনেত্ৰী অনন্যা পাণ্ডে প্ৰিয় অভিনেত্ৰী আলিয়া ভাট্ট ৷ আলিয়া ভাট্টৰ দৰে বলীউডত প্ৰতিস্থিত হ’ব বিছাৰে অনন্যা পাণ্ডে ৷ ২০ বছৰীয়া অনন্যা পাণ্ডেই ২০১২ চনত মুক্তি প্ৰাপ্ত ছবি ষ্টুডেন্ট অৱ দ্য ইয়েৰৰ চিকুৱেল ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ ত অভিনয় কৰিছে ৷ যেতিয়া আলিয়া ভাট্টে ষ্টুডেন্ট অৱ দ্য ইয়েৰত অভিনয় কৰিছিল তেতিয়া অভিনয়ত দুৰ্বল আছিল যদিও সম্প্ৰতি বলীউডৰ এগৰাকী সবল অভিনেত্ৰী আলিয়া ভাট্ট ৷ অনুৰাগীয়ে আলিয়াক অভিনয়ত সবল হোৱা দেখিবলৈ পাইছে ৷ মই আলিয়া ভাট্টৰ অভিনয় প্ৰতিভাৰ বিকাশত প্ৰভাৱিত হৈছো ৷ এই মন্তব্য অনন্যা পাণ্ডেৰ ৷
পুনিত মালহোত্ৰাৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰত শ্ৰেয়া নামৰ এক চৰিত্ৰত অভিনয় কৰিছে অনন্যা পাণ্ডেই ৷ অনন্যা পাণ্ডেৰ লগতে ছবিখনত অভিনয় কৰিছে তাৰা চুতাৰিয়া আৰু টাইগাৰ শ্ৰফে ৷ ছবিখনত অনন্যা ৰ চৰিত্ৰটো বাস্তৱিক জীৱনৰ লগত সম্পৰ্কিত ৷ অনন্যা পাণ্ডেই আশা কৰিছে যে দৰ্শকে তেওঁক আদৰি ল’ব ৷ লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে মই সকলো আৰম্ভনিৰ পৰা শিকিব নিবিচাৰোঁ ৷মই ভূল কৰি শিকিব বিচাৰোঁ ৷
ইফালে ছবি খনৰ জৰিয়তে বলীউডলৈ যাত্ৰা কৰা অন্যন্যা পাণ্ডে সম্প্ৰতি চৰ্চাত আছে ৷ কাৰণ ছবি খনত অভিনয় কৰাৰ মাজতে অন্যান্যাই Elle আলোচনীৰ কাৰণে ইটালীত ফ’টো শ্বুট কৰে। Elle ৰ বেটুপাতত অতি সুন্দৰ লাগিছে অন্যান্য পাণ্ডেক ৷
অভিনেত্ৰী অন্যন্যাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এই ফ’টো অনুৰাগীলৈ আগবঢ়াইছে ৷ লগতে আলোচনীখনৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাই অভিনেত্ৰী অন্যন্যা পাণ্ডেই। ইফালে অন্যন্যা পাণ্ডে আৰু তাৰা চুতিয়াৰ ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবি খনৰ প’ষ্টাৰ মুকলি হৈছে ৷ দুয়ো গৰাকী নৱাগতাক কৰণ জোহৰে স্বাগতম জনাইছে ইনষ্টাগ্ৰামৰ জৰিয়তে ৷
অন্যহাতে কৰণ জোহৰৰ কফী উইথ কৰণ অনুষ্ঠানটোত টাইগাৰ শ্ৰফৰ লগতে আহিছিল অন্যন্যা ৷ এই অনুষ্ঠানত অন্যন্যাই কয় যে কৰণ জোহৰৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ মই উৎসাহী যদিও ৷ মই তেনেধৰণে একো কাম কৰা নাই ৷ যাৰ কাৰণে মই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিম ৷ মই ভাগ্যৱান যে মোৰ দেউতা এজন অভিনেতা ৷ আৰু অভিনয় কৰিবলৈ মোৰ সৌভাগ্য হৈছে ৷ অন্যন্যা পাণ্ডে হৈছে বলীউডৰ অভিনেতা চাকি পাণ্ডেৰ জীয়ৰী ৷ ছবিখনৰ পিছত অন্যন্যাক দেখিবলৈ পোৱা যাব কাৰ্তিক আয়ান আৰু ভূমি পাদনেকাৰৰ সৈতে পতি পত্নী আৰু ৱ’ ৷
সদ্যহতে বলীউডৰ চৰ্চিত ছবি ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ ৰ Jatt ludhiyane da’ শীৰ্ষক গীতটিয়ে মুক্তি পাইছে ৷ ছবিখনত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফ,তাৰা চুতাৰিয়া আৰু অন্যন্যা পাণ্ডেয় অভিনয় কৰিছে ৷ ছবিখনত বিশেষকৈ তাৰা চুতাৰিয়া আৰু টাইগাৰ শ্ৰফৰ কেমেষ্ট্ৰীয়ে চৰ্চা লাভ কৰিছে ৷ ছবিখনৰ প্ৰথমে প’ষ্টাৰ,ইয়াৰ পিছত টিজাৰ আৰু ট্ৰেইলৰে অনুৰাগীৰ মাজত চৰ্চা লাভ কৰে ৷
অৱশ্যে ছবিখনৰ নিৰ্মাতা বৃন্দই পূৰ্বতেই দ্য জাৱানী ছং,মুম্বাই দিল্লী দি কুৰিয়াঁ আৰু হুক আপ চং তিনিটি গীতৰ উপৰিও ফাকিৰা শীৰ্ষক ৰোমান্টিক গীতটিৰো মুক্তি দিয়ে। অন্যহাতে হুক আপ চং গীতটিত টাইগাৰ শ্ৰফৰ সৈতে দেখিবলৈ পোৱা গৈছে ষ্টুডেন্ট অৱ দ্য ইয়েৰৰ অভিনেত্ৰী আলিয়া ভাট্টক ।টাইগাৰ শ্ৰফ,অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াৰ অভিনীত পুনীত মালহোত্ৰাৰ নিৰ্দেশিত ষ্টুডেণ্ড অৱ দ্য ইয়েৰ ২ য়ে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ১০ মে’ত ৷
অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন