Begin typing your search above and press return to search.

আৰম্ভ হ’ল আয়ুস্মান খুৰানা আৰু ভূমি পাডনেকাৰৰ ছবি "বালা"ৰ দৃশ্যগ্ৰহণ

আৰম্ভ হ’ল আয়ুস্মান খুৰানা আৰু ভূমি পাডনেকাৰৰ ছবি বালাৰ দৃশ্যগ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 12:14 PM GMT

বলীউডৰ অভিনেতা আয়ুস্মান খুৰানা আৰু ভূমি পাডনেকাৰে আৰম্ব কৰিলে বালা ছবিৰ দৃশ্য গ্ৰহণ ৷ এই কথা ছ’চিয়েল মিডিয়াযোগে জানিবলৈ দিছে আয়ুস্মান খুৰানাই ৷ ছবিখন সময়তকৈ আগত মানসিক সন্তুলন হেৰুৱা এজন ব্যক্তিৰ কাহিনী আছে ৷ নিৰ্মাতা দিনেশ বিজনৰ বালা ছবিখনত ভূমি পাডনেকাৰৰ উপৰিও আছে য়ামী গৌতম ।ভূমি গৌতমে সৰু চহৰৰ এগৰাকী শিক্ষিত মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে আৰু য়ামী গৌতমে লক্ষ্ণৌস্থিত এগৰাকী ছুপাৰ মডেলৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনৰ প্ৰযোজক হৈছে অমৰ কৌশিকে ৷

https://www.instagram.com/p/BxHWGtzhVap/

ইফালে ভূমি পাডনেকাৰেও ছবিখনৰ দৃশ্য গ্ৰহণ হোৱাৰ তথ্য জানিবলৈ দিছে ৷ উল্লেখ্য যে ভূমি পাডনেকাৰ আৰু আয়ুস্মান খুৰানাই তৃতীয় বাৰৰ কাৰণে একেলগে অভিনয় কৰিছে । ইয়াৰ পূৰ্বতে ভূমি আৰু আয়ুস্মানে ২০১৫ চনত মুক্তি প্ৰাপ্ত ছবি ডম লগাকে হেইছা আৰু ২০১৭ চনত মুক্তি প্ৰাপ্ত ছবি শুভ মংগল সাৱধান ছবিত অভিনয় কৰে । দিনেশ বিজানে অমৰ কৌশিকৰ সন্দৰ্ভত কয় যে চলিত বৰ্ষত আমি ইতিমধ্যে স্ত্ৰী দৃশ্যগ্ৰহণ কৰিছোঁ। পুনৰাই আমি আকৌ এখন ছবি আৰম্ভ কৰিছোঁ ৷বালা এখন মনোৰঞ্জনধৰ্মী ছবি ৷এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি ছবিখনত আয়ুস্মান খুৰানাৰ নাম বালা ৷ছবিখনত অভিনয় কৰিছে সৌৰভ শুক্লা,জাভেদ জাফাৰী,সীমা পাহৱাই ৷ ছবিখনৰ দৃশ্য গ্ৰহণ কানপুৰটো হ’ব ৷

২০১২ চনত মুক্তি লাব কৰা বিক্কী ড’নাৰৰ জৰিয়তে বলীউডত পদাৰ্পন কৰে আয়ুস্মান খুৰানাই । এই সন্দৰ্ভত আয়ুস্মান খুৰানাই কয় যে কোনো এজন ব্যক্তিয়ে বাহিৰৰ পৰা আহি বলীউডত নিজক প্ৰতিষ্ঠিত কৰাটো সহজ কথা নহয়। তেনে ক্ষেত্ৰত মই মোক সুবিধা প্ৰদান কৰা সকলো প্ৰযোজক,পৰিচালকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ আয়ুস্মান খুৰানাই প্ৰযোজক,পৰিচালক সকলৰ মৰম বিশ্বাস আৰু প্ৰেৰণাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে৷

ইফালে ভূমি পাডনেকাৰ ব্যস্ত আছে চান্দ কী আঁখত ৷ছবিখনৰ মুখ্য কাহিনী চন্দো আৰু প্ৰকাশী তোমৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৷সেই সময়ত গাঁৱসমূহত থকা কন্যা ভূণ হত্যাৰ দৰে হোৱা ঘটনাসমূহত প্ৰকাশী তোমৰ আৰু চন্দো তোমৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ ইফালে বিগত সময়ত চান্দ কী আঁখৰ অভিনেত্ৰী ভূমি পাডনে কাৰে ছপাক ছবিৰ অভিনেত্ৰী দীপিকা পাডুকনত ভূয়সী প্ৰশংসা কৰিছিল ৷ভূমি পাডনেকাৰ দীপিকা পাডুকনক প্ৰশংসা কৰি কয় যে ছপাক ছবিখন যথেষ্ট প্ৰাসংগিক ৷ সমাজৰ এটা জলন্ত সমস্যাক ছবিখনত উপস্থাপন কৰা হৈছে ৷ ছপাক ছবিৰ প্ৰথম লুক মই দেখিছোঁ ৷ সেয়া অত্যন্ত মনপৰশা।

ভূমি পাডনেকাৰে চান্দ কী আঁখ ছবিখনৰ প্ৰথম লুকত দৰ্শকসকলে দেখুওৱা মৰমত অভিভূত বুলি মন্তব্য কৰে। লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে যেতিয়া দৰ্শকে আদৰি লয় তেতিয়া মন প্ৰচুৰ শান্তি পোৱা যায় ৷এগৰাকী অভিনেত্ৰী হিচাপে মই এই ছবিখনক সকলো দিছো ৷ সকলো চলচ্চিত্ৰ প্ৰেমীৰ সকৰাত্মক প্ৰতিক্ৰিয়া দেখাৰ পিছত ছবিখনৰ কাৰণে কৰা তিনি ঘন্টা মেক আপ নিশ্চিত ৰূপে সফলতা লাভ কৰিছে। ছবিৰ কাৰণে নিজক পৰিৱৰ্তন কৰাৰ প্ৰসংগত ভূমি পাডেনেকাৰে কয় যে ছবিসমূহৰ কাৰণে হোৱা মোৰ পৰিৱৰ্তন হৈ ভাল পাঁও ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story