Begin typing your search above and press return to search.

ইলেক্ট্ৰ’নিক ভোটিং মেচিনৰ সত্য সত্যতা সম্পৰ্কে বিশেষ প্ৰতিক্ৰিয়া দেশৰ যুৱ প্ৰজন্মৰ

ইলেক্ট্ৰ’নিক ভোটিং মেচিনৰ সত্য সত্যতা সম্পৰ্কে বিশেষ প্ৰতিক্ৰিয়া দেশৰ যুৱ প্ৰজন্মৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 March 2019 6:54 AM GMT

সংবাদ মাধ্যমৰ এক বিশেষ এপ ইন শ্বৰ্টছৰ তথ্য অনুসৰি প্ৰায় ২৫ শতাংশ যুৱ ভোটাৰৰ ইলেক্ট্ৰ’নিক ভোটিং মেছিনৰ প্ৰামাণিকতাৰ ওপৰত তথা মেচিনটোৰ সত্য সত্যতা সম্পৰ্কে সন্দেহ আছে ৷ এই সন্দৰ্ভত চিইঅ’ আজহাৰ ইকবালে কয় যে সম্প্ৰতি জনসাধাৰণৰ নিজৰ অধিকাৰৰ সম্পৰ্কে জ্ঞাত তথা নাগৰিকসকলেও নিজৰ ভোটদানৰ অধিকাৰক কৰ্তব্য ৰূপে পালন কৰে ৷

অন্যহাতে,সংবাদ মাধ্যমৰ এপ ইনশ্বৰ্টছৰ সমগ্ৰ দেশত কৰা এই জৰীপ মাৰ্চ মাহৰ প্ৰায় দুই লাখ জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ ওপৰত আধাৰিত ৷ এই জনসাধাৰণৰ অধিকাংশ আছিল দিল্লী/এনচিআৰ,মুম্বাই, বেংগালুৰু,পুনে, হায়দৰাবাদ আৰু চেন্নাইৰ ৷ তেওঁলোক অধিকাংশই আছিল চহৰৰ বাসিন্দা। আৰু তেওঁলোকৰ বয়স হ’ব প্ৰায় ১৮ ৰ পৰা ৩৫ বছৰ। ৷ ইন শ্বৰ্টছৰ জৰীপটোত ভাগ লোৱা ৪৫ শতাংশই কয় যে,নিজৰ গৃহ চহৰৰ পৰা আঁতৰত থকা কাৰণে নিৰ্বাচনত ভাগ নলয় ৷

গতিকে এই সমীক্ষাই প্ৰতিপন্ন কৰে যে এইবাৰ দেশত কিমান পৰিমাণৰ ভোট লোকচান হ’ব ৷ ইফালে, দিল্লীত কৰা এক সমীক্ষা অনুসৰি দিল্লীত থকা প্ৰায় ৫০ শতাংশ লোকে নিৰ্বাচনত ভাগ নলয় ৷ অন্যান্য চহৰসমূহ যেনে মুম্বাই থকা ৪৫ শতাংশ আৰু পুনেতো ৪৫ শতাংশ লোকৰ মাজত নিৰ্বাচনক লৈ এই প্ৰতিক্ৰিয়া দেখা গৈছে ৷ অন্যহাতে ভোট গ্ৰহণৰ সন্দৰ্ভত ৮৫ শতাংশ ভাৰতীয় ভোটদাতাই কয় যে ভোটদানক বাধ্যতামূলক কৰা উচিত ৷

সমীক্ষাটোৰ তৃতীয়-চতুৰ্থাংশ ভাৰতীয় ভোটাৰে কয় যে নিজৰ নিৰ্বাচন ক্ষেত্ৰৰ প্ৰাৰ্থী সমূহক ভোটদান কৰাৰ প্ৰাকমুহুৰ্তত সেই প্ৰাৰ্থীজনৰ সম্পৰ্কে সমগ্ৰ তথ্য জানিব বিছাৰে ৷ গতিকে, দেশত সম্প্ৰতি যুৱ প্ৰজন্মক ভোটদানৰ কাৰণে কৰাৰ উৎসাহৰ বিপৰীতে ইনশ্বৰ্টছৰ এই সমীক্ষা লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি