ইশা আনন্দৰ প্ৰি ৱেডিং অনুষ্ঠানত বিঅ’ন্সৰ উপস্থিতত উৎসাহিত অনুৰাগী

সম্প্ৰতি ইশা আম্বানিৰ বিয়াক লৈ উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে উদয়পুৰত ৷ বলীউড, হলীউডৰ লগতে ৰাজনৈতিক জগতৰ বিভিন্ন ষ্টাৰ সকলৰ পয়োভৰ ঘটিছে ইশা আম্বানিৰ বিয়াত ৷ সম্প্ৰতি ইশাৰ বিয়াৰ সমান্তৰালকৈ চৰ্চা লাভ কৰিছে হলীউডৰ গায়িকা বিঅ’ন্সেৰ উপস্থিতিৰ প্ৰসংগটোৱে ৷ ইফালে বিঅ’ন্সে ইশা আম্বানীৰ প্ৰি ৱেডিং অনুষ্ঠানত চিটী পেলেচত দেওবাৰে নিজৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰে।
লগতে বিঅ’ন্সেই নিজৰ অনুষ্ঠানত ভাৰতীয় পৰম্পৰা অনুসৰি সাজপোচাক পৰিধান কৰে । বিঅ’ন্সেক আবেদনময়ী শিল্পী হিচাপে দৰ্শকৰ মাজত অতি জনপ্ৰিয় বিঅ’ন্সেৰ ষ্টাইল,হট লুকৰ কাৰণে বিশেষভাবে জনপ্ৰিয় ৷ অন্যহাতে,আবু জানী আৰু সন্দীপ খোচলাই বিঅ’ন্সেক ভাৰতীয় পৰম্পৰা সাজ সজ্জাৰ পোচাকেৰে সজাই তুলিলে ৷
ৰেড কালাৰৰ গাউন,মাংগ টীকাৰে বিঅ’ন্সেক সজাওঁতে যেন আবু জানিমে কোনো ত্ৰুটি কৰা নাই ৷ অন্যহাতে ডিজাইনাৰ শিৱান আৰু নৰেশেও ডিজাইন কৰে বিঅ’ন্সৰ পোচাক ৷ যি কি নহওক ইশা আম্বানি বিয়াত অন্যান্য চেলিব্ৰটীসকলৰ সমান্তৰালকৈ বিঅ’ন্সেই বিশেষভাৱে উৎসাহিত কৰিছে জনসাধাৰণক ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন