Begin typing your search above and press return to search.

ইশা আনন্দ বিয়াৰ উপলক্ষে উদয়পুৰত চেলীব্ৰেটীৰ সমাহাৰ

ইশা আনন্দ বিয়াৰ উপলক্ষে উদয়পুৰত চেলীব্ৰেটীৰ সমাহাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Dec 2018 8:36 AM GMT

উদ্যোগপতি মুকেশ আম্বানী আৰু নীতা আম্বানীৰ দুহিতা ইশা আম্বানীৰ বিয়াৰ কাৰণে সম্প্ৰতি উদয়পুৰলৈ আলহীৰ সোঁত বৈছে ৷বলীউডৰ বহু তাৰকা,খেল জগতা তাৰকাৰ লগতে ৰাজনৈতিক জগতৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ সমাবেশত হ’ব ইশা আম্বানীৰ প্ৰি ৱেডিং অনুষ্ঠান।

ইশা আম্বানীৰ প্ৰি ৱেডিঙ অনুষ্ঠানলৈ বুলি শনিবাৰে উপস্থিত থকা ব্যক্তিসকলৰ ভিতৰত আছে জয়া বচ্চন,ঐশ্বৰ্য্য ৰায় বচ্চন,আৰাধ্যা, অভিষেক বচ্চন,সদ্য বিবাহিত প্ৰিয়াংকা চোপ্ৰা-নিক জোন্স,শচীন তেণ্ডুলকাৰ,অঞ্জলী তেণ্ডুলকাৰ,মহেন্দ্ৰ সিং ধোনী,পত্নী সাক্ষী ধোনীৰ সহিতে জিৱা ধোনী,আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী হিলাৰী ক্লিন্টন,হলীউডৰ গায়ক বেয়োন্সে নোল্স,অভিনেতা আমিৰ খান,চলমান খান আৰু শ্বাহৰুখ খান,বৰুণ ধাৱন,বনী কাপুৰ,বিজনেচমেন লক্ষ্মীনিবাস মিত্তল,আদিত্য বিৰলা গ্ৰুপৰ বিষয়া কুমাৰ মংগলম বিৰলা,অনিল অগ্ৰৱাল,গৌতম সিংঘানীয়া,অখিলেশ য়াদৱ আৰু য়াদৱৰ পত্নী ডিম্পল,কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েল,এন চি পী নেতা প্ৰফুল্ল পেটেল, প্ৰাক্তন বিজেপি নেতা চুধীন্দ্ৰ কুলকৰ্ণী,বিদ্যা বালান,সিধাৰ্থ ৰয় কাপুৰ,জাহীৰ খান আৰু তেওঁৰ পত্নী সাগৰিকা,অভিনেতা জন ইব্ৰাহীম আৰু জাবেদ জাফৰী,উদ্যোগপতি যশ বিৰলা,অভিনেত্ৰী জেকলীন ফাণাণ্ডেজ,জাহ্নৱী কাপুৰ,পৰিণীতি চোপ্ৰা,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ শুক্লা আৰু পত্নী অনুৰাধা প্ৰসাদ, জাভেদ আখটাৰ,শাবানা আজমী,কৰিশ্মা কাপুৰ আৰু কৰণ জোহৰ আদি ৷

অন্যহাতে,পীৰামল গ্ৰুপৰ চেয়াৰমেন আনন্দ পীৰামলৰ লগত বিয়া হ’ব মুকেশ আম্বানী আৰু নীতা আম্বানীৰ জীয়ৰী ইশা আম্বানীৰ ৷ ইফালে, মুকেশ আম্বানীৰ পৰিয়াল সহ হ’ব লগীয়া জোৱাই আনন্দ পীৰামল শুক্ৰবাৰে প্ৰায় ৬ বজাত নাৰায়ন সেৱা সংস্থানত উপস্থিত হয় ৷ উপস্থিত হৈয়ে সংস্থানটোত থকা কণ কণ শিশুসকলক বিভিন্ন ধৰণৰ আহাৰ খুৱাই ৷সম্প্ৰতি বলীউডৰ বিভিন্ন চেলীবেট্ৰীৰ বিয়াৰ পিছত উদ্যোগপতি মুকেশ আম্বানিৰ জীয়ৰী ইশাৰ বিয়াত বলীউডৰ লগতে অন্যান্য জগতৰ লোকসকলৰ সোঁত বৈছে উদয়পুৰলৈ ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি