উগ্ৰতাৰা দেৱালয়ৰ চুৰিকাণ্ডত অভিযুক্ত চোৰক গুৱাহাটী চিজেএম কোৰ্টত হাজিৰ

ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয়ৰ পৰা বিগ্ৰহ চুৰিকাণ্ডত অভিযুক্ত চোৰক বৃহস্পতি বাৰে চিজেএম কোৰ্টত হাজিৰ কৰে। লতাশিল আৰক্ষীয়ে হাজিৰ কৰোৱাই । কোৰ্টত হাজিৰ কৰোৱাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰা হব বুলি জনাই। উল্লেখযোগ্য যে দেৱালয়ৰ বিগ্ৰহটো আদিল নামৰ লোক জনৰ ঘৰৰ পিছফালৰ পৰা উদ্ধাৰ কৰিছিল ।
আজি উগ্ৰতাৰা মহোৎসৱৰ দ্বিতীয় দিন ।এই মহোৎসৱতে নতুন বিগ্ৰহটো স্থাপনৰ কথা প্ৰকাশ কৰিছিল । ১ মে তাৰিখে উগ্ৰতাৰা দেৱালয়ৰ পৰিচালনা কমিটিয়ে প্ৰকাশ কৰিছিল যে মহোৎসৱতে নতুন আৰু পুৰনি দুয়োটা বিগ্ৰহে প্ৰতিস্থা কৰা হব ।
পুৰ্বতে গোলাঘাট আৰক্ষীয়ে ২০১৮ চনৰ ১৭ নবেম্বৰত চুৰি হোৱা মা উগ্ৰতাৰাৰ অষ্টধাতু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।
উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰি ঘটনাৰ লগত জড়িত ৬ টা চোৰক গ্ৰেপ্তাৰ কৰিছিল । প্ৰথমে চাৰি চোৰক গ্ৰেপ্তাৰ কৰাৰ পাছত ২ টা গ্ৰেপ্তাৰ কৰি আজি কোৰ্টত হাজিৰ কৰে ।
অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি