কিছুদিন পূৰ্বে বাহিৰৰ পৰা চালানী মাছ ক্ৰয় কৰাত যি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল,সেই নিষেধাজ্ঞা উঠাই লোৱা হৈছে।ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীয়ূচ হাজৰিকাই এই কথা সদৰী কৰে।কিন্তু আহি থকা চালানী মাছত ফৰ্মেলিন আছে নে নাই এই সন্দৰ্ভত তেওঁ কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে।কিন্তু তেওঁৰ এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে। চালানী মাছৰ ওপৰত দীঘলীয়া বাধা আৰোপ কৰিব নোৱাৰি কাৰণ মাছ উৎপাদনত অসম এতিয়াও আত্মনিৰ্ভৰশীল নহয়,সেয়ে ৰাইজে সিদ্ধান্ত লওঁক চালানী মাছ খাব নে আঁতৰত থাকিব' এই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে পীয়ূচ হাজৰিকাই ।
Begin typing your search above and press return to search.